anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ মঙলবাৰে জম্মু-কাশ্মীৰ চৰকাৰৰ পতন ঘটে৷ বিজেপিয়ে পিডিপিৰ সংগ এৰাৰ লগে লগে জম্মু-কাশ্মীৰ চৰকাৰৰ পতন ঘটে আৰু মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে ৰাজ্যপালক পদত্যাগ পত্ৰ প্ৰেৰণ কৰে৷ তাৰ পিছতে এখন সংবাদ মেল অনুষ্ঠিত কৰি বিজেপি চৰকাৰলৈ অহাৰ পিছৰে পৰা মুছলমান অসহজ হৈ পৰিছিল বুলি কয়৷

মুফতিয়ে কয় ‘‘বিজেপি চৰকাৰলৈ অহাৰ পিছৰে পৰা মুছলমান অসহজ হৈ পৰিছিল৷ আমি ধাৰা ৩৭০ ৰক্ষা কৰিছোঁ৷ আমি ৰমজান মাহত এমাহ যুদ্ধ বিৰত তথা সন্ত্ৰাস বিৰোধী অভিযান বন্ধ ৰাখিছোঁ৷ আমি পাকিস্তানৰ সৈতে ভাল সম্পৰ্ক বিচাৰো৷ আমি বিচাৰিম কাশ্মীৰ সন্দৰ্ভত আলোচনা অব্যাহত থাকক৷ কাশ্মীৰৰ সমস্যা শক্তিৰে সমাধান কৰিব পৰা নাযাব৷’’

আনহাতে মুফতিয়ে বিজেপিৰ এই সিদ্ধান্তত আমি হতাশ হোৱা নাই বুলি কয়৷ আমি মিত্ৰজোঁট কোনো কাৰণত বৰ্তাই ৰাখিব লাগে বুলি কোৱা নাই৷ মিত্ৰজোঁটৰ বহু ডাঙৰ উদ্দেশ্য আছিল৷ মই ইতিমধ্যে ৰাজ্যপালক মোৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছোঁ৷ আমি কাৰোৰে সৈতে মিত্ৰজোঁট কৰিবলৈ চেষ্টা কৰি থকা নাই৷ আমি ৰাজ্যৰ জনসাধৰণক একত্ৰিত কৰাৰ প্ৰয়াস কৰিছোঁ৷

১১ হাজাৰ যুৱকৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ কৰা হয়৷ জনসাধাৰণে ধাৰা ৩৭০ প্ৰত্যাহাৰ কৰিব বুলি ভয় আৰু শংকাৰ মাজেৰে পাৰ কৰিছিল৷ পিডিপিৰ কৰ্মকৰ্তাই তৃণমূল পৰ্যায়ত বহু কষ্ট কৰিছে৷ এতিয়া আৰু আমি কাৰো সৈতে চৰকাৰ গঠন নকৰো বুলি স্পষ্ট কৰে মুফতিয়ে৷