newsnextone.com | ডিজিটেল ডেস্কঃ মাইকেল জেকচনৰ পিতৃ জোচেফ জেকচনৰ ২৭ জুনত মৃত্যু হয়৷ লছ ভেগাচৰ হান্সস্পিত ৮৯ বছৰ বয়সত জোচেফৰ মৃত্যু হয়৷ দীৰ্ঘদিন ধৰি জোচেফ কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিসা গ্ৰহণ কৰি আছিল যদিও মৃত্যুক আকোৱালি লয়৷

জোচেফৰ প্ৰাক্তন প্ৰৱক্তা ৰোনম ৱেনে কয় যে পুত্ৰ ৰেণ্ডী জেকচনে এই খবৰ নিশ্চিত কৰে৷ জোচেফ নিজ পুত্ৰক সৰুৰে পৰা সংগীতৰ সৈতে চিনাকী কৰি দিছিল৷ দুয়ো পুত্ৰক সৰুৰে পৰা সংগীতৰ প্ৰতি দুৰ্বলতা থকা কথাটো জোচেফে অনুভৱ কৰিব পাৰিছিল৷ সৰুৰে পৰা পুত্ৰক সংগীতৰ শিক্ষা দি সফলতাৰ উচ্চ শিখৰলৈ নিয়ে৷ এটা সময়ত একাংশ যুৱকে জোচেফৰ বিৰুদ্ধে মাৰধৰ কৰাৰো অভিযোগ উত্থাপন কৰিচিল৷