51
ডিজিটেল ডেস্কঃ কৰ্ণাটকত ১২ মে’ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হ’বলগীয়া সোমশেখৰ ৰেড্ডীৰ হৈ প্ৰচাৰ চলাব নোৱাৰিব খনন কেলেংকাৰীৰ অভিযুক্ত জনাৰ্ধন ৰেড্ডীয়ে।
অভিযুক্তগৰাকীয়ে ভাতৃৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে ভোটদান কৰাৰ বাবে দাখিল কৰা আবেদন শুকুৰবাৰে সৰ্বোচ্চ ন্যায়ালয়ে নাকচ কৰাৰ পিছতে আশাত চেঁচাপানী পৰে ৰেড্ডীৰ।