ডিজিটেল ডেস্কঃ দক্ষিণ আফ্ৰিকাৰ চিবানে-ষ্টিলৱাটাৰ পৰিচালিত মাচাখানে নামৰ সোণৰ খনিত বৃহস্পতিবাৰে হোৱা ভুমিকম্পৰ ফলত আৱদ্ধ হৈ পৰা শ্ৰমিকৰ ১০ গৰাকী শুকুৰবাৰে উদ্ধাৰ কৰা হয় যদিও তাৰে ৪ জনৰ মৃত্যু ঘটা বুলি বিবিচিৰ প্ৰতিবেদনত প্ৰকাশ পাইছে।
জোহান্সবাৰ্গৰ পশ্চিমাঞ্চলত থকা এই সোণৰ খনিটোত ২.২ ৰিখটাৰ স্কেলৰ ভূমিকম্পটোৰ ফলত ১৩ গৰাকী শ্ৰমিক খনিটোত আৱদ্ধ হৈ পৰে। এতিয়াও তিনিগৰাকীক শ্ৰমিক আৱদ্ধ হৈয়ে আছে। উল্লেখ্য যে সোণৰ আকৰৰ ফালৰ পৰা দক্ষিণ আফ্ৰিকাৰ ভালেমান উদ্যোগ গঢ় লৈ উঠিছে যদিও সুৰক্ষাজনিত ব্যৱস্থাপনাৰ দিশ উলাই কৰি অহা বুলি অভিযোগ উত্থাপিত হৈ আহিছে।