ডিজিটেল ডেস্কঃ পানীয়ে জীৱৰ প্ৰাণ বুলি হয়তো সৰুতে পঢ়ি আহিছে। কিন্তু সেই 'প্ৰাণ’ৰ বাবে যে কিস্তি কিস্তিকৈ টকা দি ক্ৰয় কৰাৰো দিন আহিব পাৰে, সেয়া হয়তো পঢ়াতো বাদেই, কোনো ভবাও নাছিল।
কিছুদিন আগলৈকে পেকেজড ড্ৰিংকিং ৱাটাৰ মানুহে চিনি পোৱা নাছিল। কিন্তু এতিয়া বজাৰত হৰেক ৰকমৰ পেকেজড ড্ৰিংকিং ৱাটাৰ উপলব্ধ। দহ টকীয়া নোট এখন দিলেই পোৱা যায় এবটল পানী।
কিন্তু সেই পানীৰে দাম হ’ব পাৰেনে ৩৪ হাজাৰ টকা? আৰু সেই পানীৰ বটল কিস্তি দি কিনাৰ কথা ভাবিব পৰা যায়নে? হয়, এইয়া পৃথিৱী নামৰে গ্ৰহটোৰ কথা, য’ত তেনে পানীৰ বটলৰ দাম হৈছে ৩৪ হাজাৰ টকা। তাতো আছে ইএমআইৰ ব্যৱস্থা।
প্ৰকৃতিয়ে বিচৰাৰ দৰেই বিশুদ্ধ বুলি পান্স লাইন থকা এভিয়ান ৱাটাৰ নামৰ এই মিনাৰেল পানীৰ ১২ টা বটলৰ পেকেটটোৰ দাম হৈছে ৩৪ হাজাৰ ১০৯ টকা। মানে এটা বটলৰ দাম প্ৰায় ২৮৪২ টকা। তাৰে লগতে দিব লাগিব ৯০ টকা ডেলিভাৰী চাৰ্জ।
অৱশ্যে গ্ৰাহকৰ সুবিধাৰ বাবে ব্যৱস্থা কৰা হৈছে ইএমআইৰ। তাৰবাবে মাহে দিব লাগিব ৩০৪৬.৫২ টকা।
এতিয়া হয়তো প্ৰশ্ন উঠিব পাৰে যে কিয় ইমান দাম এই পানীৰ। এভিয়েন ৱাটাৰৰ টেগলাইনতে লিখা আছে যে এই পানী এলা-পেছা ঠাইৰ নহয়, এয়া হৈছে 'আল্পছ পৰ্বতমালাৰ পানী’। '১৫ বছৰ প্ৰাকৃতিকভাৱে পৰিশোধিত’ এই পানী। সেয়ে ইয়াৰ চকু কপালত উঠা দাম।
সংবাদমাধ্যমৰ পৰা জানিবপৰা মতে ক্ৰিকেটাৰ বিৰাট কোহলীয়ে হেনো এই পানীহে খায়। আনকি অনলাইন শ্বপিঙৰ ৱেবছাইট আমাজনত এভিয়েন ৱাটাৰৰ ৰিভিউত কোনোবাই ফাইভ ষ্টাৰ দিয়া দেখা গৈছে। তাতে গ্ৰাহকজনে কৈছে যে 'অতি উত্তম। মাত্ৰ দামটো অকণমান বেছি হ’ল!’