গুৱাহাটীঃ INSIDENE ৱেব ছাইটৰ খবৰ মতে অসমৰ শক্তিমন্ত্ৰী পল্লৱ লোচন দাসক ত্ৰিপুৰা আৰক্ষীয়ে আটক কৰে৷ শুকুৰবাৰে সন্ধিয়া ত্ৰিপুৰা আৰক্ষীয়ে আটক কৰে অসমৰ মন্ত্ৰী পল্লৱ লোচন দাসক৷

ত্ৰিপুৰাৰ গান্ধাচাৰা জিলাত ৪টা বজাৰ পিছত একাংশ বিজেপি নেতা-কৰ্মীৰ সৈতে থকাৰ সময়তে ত্ৰিপুৰা আৰক্ষীয়ে আটক কৰে দাসক৷

নিৰ্বাচনক আয়োগৰ নিয়ম উলংঘা কৰাৰ অভিযোগত আটক কৰা বুলি জানিব পৰা গৈছে৷ ত্ৰিপুৰা বিধান সভা নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিন আছিল৷ কোনো ৰাজনৈতিক দলে ৪টা বজাৰ পিছত নিৰ্বাচনৰ প্ৰচাৰ চলাব নোৱাৰে যদিও অসমৰ যুৱ মন্ত্ৰীগৰাকীয়ে প্ৰচাৰ চলোৱাত ব্যস্ত থকা বুলি জানিব পৰা গৈছে৷