ডিজিটেল ডেস্কঃ উন্নাও, কাঠুৱাকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত ধৰ্ষণ-নাৰী নিৰ্যাতনৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ ফলত কেন্দ্ৰীয় চৰকাৰে ধৰ্ষণ কাণ্ড ৰোধ কৰাৰ বাবে আইন সংশোধন কৰাৰ লগতে ধৰ্ষণকাৰীক শাস্তি বিহাৰ বাবে মৃত্যুদণ্ড নতুবা মৃত্যু পৰ্যন্ত কাৰবাস দিয়াৰ বাবে অধ্যাদেশ আনিবৰ বাবে সাজু হৈছে৷ 

কিন্তু দেশৰ চৰকাৰে ধৰ্ষণ কাণ্ডক লৈ কিমান চিন্তিত তাক লৈ উত্থাপন হৈছে প্ৰশ্ন৷ চৰকাৰে আইন সংশোধন কৰাৰ বাবে কেবিনেট অনুষ্ঠিত কৰাৰ কেইচামান ঘণ্টাৰ পিছতে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে ভাৰতৰ দৰে বৃহৎ দেশত দুই এটা ধৰ্ষণ কাণ্ড সংঘটিত হ’বই বুলি কয়৷ এয়া কোনো ডাঙৰ কথা নহয় বুলি কয় মন্ত্ৰীয়ে৷

কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ গংবাৰে কয় ‘‘এনে ঘটনা দুৰ্ভাগ্যজনক৷ কিন্তু কেতিয়াবা কেতিয়াবা ৰোধ কৰিব নোৱাৰি৷ চৰকাৰ সকলো ঠাইত সক্ৰিয়, কাৰ্যবাহী অব্যাহত আছে৷ ইমান ডাঙৰ দেশত এটা-দুটা এনে ঘটনা সংঘটিত হ’বই তাক ইমান ডাঙৰ কৰিব নালাগে৷’’

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিতৰ্কিত মন্তব্য আগবঢ়োৱাৰ দিনটোতে মোডী কেবিনেটে আইনৰ সংশোধন কৰাৰ বাবে আধ্যাদেশ আনিবৰ বাবে সিদ্ধান্ত লয়৷ শিশু-কিশোৰী ধৰ্ষণকাৰীক ফাঁচী দিয়াৰ বাবে আইন ৰূপায়ন কৰে৷ তাৰ মাজত মোডী কেবিনেটৰ এগৰাকী মন্ত্ৰীয়ে বিতৰ্কিত মন্তব্য আগবঢ়ায়৷ 

কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী সন্তোষ গংবাৰে শনিবাৰে উত্তৰ প্ৰেদশৰ বৰেলীত এই মন্তব্য প্ৰকাশ কৰে৷ চৰকাৰৰ বিৰুদ্ধে ধৰ্ষণ কাণ্ড ৰোধ কৰিব নোৱাৰাৰ অভিযোগত সমগ্ৰ দেশব্যাপি উত্তাল প্ৰতিবাদ হোৱাৰ সময়তে মন্ত্ৰীগৰাকীয়ে এই মন্তব্য আগবঢ়ায়৷