লংকাঃ আপুনি পাব চৰকাৰি আঁচনিৰ বিশুদ্ধ পানী৷ চৰকাৰৰ ৯০ শতাংশ পানী যোগান আঁচনি বিকল যদিও ৰাজে চৰকাৰে মেৰামতি কৰিব আঁচনি সমুহ৷ আজি হোজাই জিলাৰ লংকাত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰী এই কথা প্ৰকাশ কৰে।

হোজাইৰ শংকৰনগৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে বিভিন্ন বিভাগৰ বিষয়াৰ লগত আলোচনাত বহে। জিলা খনৰ বিভিন্ন সমস্যাক লৈ মন্ত্ৰী গৰাকীয়ে বিষয়া সকলৰ লগত আলোচনা বহে। চৰকাৰী বিষয় ববীয়াৰ লগত আলোচনাৰ পিছত মন্ত্ৰী গৰাকীয়ে এখন সংবাদ মেলৰ আয়োজন কৰে।

সংবাদ মেলত মন্ত্ৰী গৰাকীয়ে অসমৰ বিভিন্ন প্ৰান্তৰ বন্ধ হৈ থকা পানী যোগান আঁচনি সমুহ পুনৰাই কাৰ্যকৰী কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি কয়। মন্ত্ৰী গৰাকীয়ে লগতে জানিব দিয়ে যে ৰাজ্যখনৰ প্ৰতিটো সমষ্টিৰ পৰা ছয়টাকৈ পানীযোগান আঁচনিৰ পুনঃ উজ্জীৱিত কৰাৰ বাবে চৰকাৰে ছয় লাখ টকাকৈ যোগান ধৰিব।

সংবাদ মেলত দুৰ্নীতি গ্ৰস্ত প্ৰতিজন বিষয়া কৰ্মচাৰী, ঠিকাদাৰ তথা সুলভ মূল্যৰ দোকানী সকলৰ প্ৰতি কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে।

সংবাদ মেলত হোজাই জিলাৰ উপাযুক্ত, লামডিং আৰু হোজাই সমষ্টিৰ বিধায়কো উপস্থিত থাকে৷ বিগত কংগ্ৰেছ চৰকাৰৰ দিনটো এই গৰাকী ৰিহন দৈমাৰীয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী হৈ আছিল যদিও জকাইচুকৰ পানী যোগান আঁচনি সক্ৰিয় কৰি জনতাক বিশুদ্ধ পানী যোগান ধৰিব পৰা নাছিল৷