newsnextone.com | কোকৰাঝাৰঃ মৃত্যু আহে সংগোপনে৷ কাৰ মৃত্যু ক’ত, কেনেকৈ হয় কোনে জানে৷ কোকৰাঝাৰ জিলাৰ বালাজান উপ-আৰক্ষী চকীৰ অন্তৰ্গত ভূটীয়াপাৰাত এগৰাকী শিশু গা-ধুবলৈ গৈ পানীত ডুবি কৰুণ মৃত্যুক সাৱটি লোৱাৰ ঘটনাই এই কথাকে প্ৰতিপন্ন কৰে। কিয়নো কিছু সময়ৰ আগলৈ পৰিয়ালৰ সৈতে হাঁহি মাতি থকা কিশোৰগৰাকীয়ে হঠাৎ মৃত্যুক আকোৱালি লয়৷

ভূটীয়াপাৰা গাঁৱৰ তথা ১০৫৯ নং ভূটীয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ আকাশদ্বীপ নাথ(৯)বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে, মঙলবাৰে বিদ্যালয় ছুটিৰ পিছত আকাশদ্বীপে এগৰাকী সহপাঠীৰ সৈতে ঘৰৰ সমীপতে থকা পুখুৰীত গা ধুবলৈ যায়। 

গা ধুই থাকোতে আকাশদ্বীপ গভীৰ পানীত ডুব যায়। ইপিনে বহুসময় ধৰি আকাশদ্বীপ পানীৰ তলৰ পৰা ওলাই নহাত তেওঁৰ সহপাঠীগৰাকীয়ে আকাশদ্বীপৰ ঘৰলৈ আহি আকাশদ্বীপ পানীত ডুব যোৱাৰ কথা সদৰি কৰাত হুৱাদুৱা লাগে।
 
মুহূৰ্ততে গাঁৱৰ একাংশ গঞাই পুখুৰীৰ পাৰত উপস্থিত হয় আৰু প্ৰায় ১৫ মিনিটমান বিচাৰ খোচাৰ কৰি পানীৰ পৰা আকাশদ্বীপক উদ্ধাৰ কৰে। ততাতৈয়াকৈ আকাশদ্বীপক স্থানীয় চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে। এগৰাকী কণমাণি শিশু সমনীয়াৰ সৈতে গা-ধুবলৈ গৈ কৰুণ মৃত্যুক সাৱটি লোৱাত শোকৰ ছাঁ পৰিছে।