newsnextone.com | পৰ্বতঝোৰাঃ ৰাজ্যত পুনৰ ধৰ্ষণৰ বলি হ’ল এগৰাকী ১০ বছৰীয়া কিশোৰী৷ এইবাৰ বিটিএডিৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা এই ঘটনা৷ জানিব পৰা মতে, কাজিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত দামপুৰ দ্বিতীয় খণ্ড গাঁৱত টিভি চাবলৈ মাতি নি ৪৫ বছৰীয়া লোকে ধৰ্ষণ কৰে ১০ বছৰীয়া কিশোৰীক৷ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে পৰ্বতঝোৰাত৷

দহ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযুক্ত চৌকত আলীক ইতিমধ্যে কাজিগাঁও আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে৷ দামপুৰ দ্বিতীয় খণ্ড গাঁৱৰে দহ বছৰীয়া কিশোৰীগৰাকীয়ে মঙলবাৰে চৌকত আলীৰ ঘৰলৈ আহে৷ তেনে সময়তে ঘৰত কোনো নথকাৰ সুযোগ বুজি চৌকত আলীয়ে কিশোৰীগৰাকীক টিভি চাবলৈ এটা কোঠালৈ মাতি নি অনৈতিক কাৰ্য কৰা বুলি অভিযোগ উত্থাপন কৰে কিশোৰীৰ পৰিয়ালে৷

ঘৰ খনত কোনো লোক নথকাৰ সুযোগ লৈ চৌকত আলীয়ে ধৰ্ষণ কৰাৰ পিছতে কিশোৰীগৰাকীয় নিজ ঘৰত উপস্থিত হৈ পৰিয়ালক সকলো কথা অৱগত কৰে৷ পৰিয়ালে ততাতৈয়াকৈ কাজিগাঁও আৰক্ষী থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰে চৌকতৰ বিৰুদ্ধে৷ কাজিগাঁও আৰক্ষী থানাৰ আৰক্ষীয়ে চৌকতক গ্ৰেপ্তাৰ কৰে৷ কিশোৰী ধৰ্ষণকাৰীৰ অভিযুক্ত চৌকতক ফাঁচী দিয়াৰ দাবী উত্থাপন কৰে দল-সংগঠনে৷