♦ বন বিষয়াৰ বন মাফিয়াৰে গোপন বুজাবুজিৰ বিৰুদ্ধে ৰাভা ছাত্ৰ সন্থাৰ অভিযান
মিৰ্জাঃ দীৰ্ঘদিন ধৰি দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তৰ বনাঞ্চলসমূহ একাংশ বন বিষয়াৰ সৈতে গোপন মিতিৰালিৰে বন মাফিয়াই নিঃশেষ কৰি অহাৰ অভিযোগ বহুপুৰণি।
বন বিভাগৰ লোকসকলে সদায়ে চকু মুদা কুলিৰ ভাও ধৰি অহাৰ বাবেই দেওবাৰে দুপৰীয়া বৰদুৱাৰ-ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত লোহাৰঘাট বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰপৰা বন মন্ত্ৰী মুৰ্দাবাদ, বন বিভাগ হায় হায়, লোহাৰঘাটৰ বনাঞ্চলিক বিষয়া শান্তনু পাটোৱাৰী মুৰ্দাবাদ, ঘোচখোৰ বন বিষয়া হুছিয়াৰ, আৰছু জিন্দাবাদ আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি বনবিভাগৰ কাৰ্যালয়ৰ সন্মুখত বন মন্ত্ৰীৰ পুত্তলিকা দাহ কৰে।
উল্লেখ্য যে, যোৱা নিশা কৰাপাৰা গাঁৱৰ মনোজ ৰাভা নামৰ যুৱক এজনৰ ঘৰৰ চোতালৰপৰা ২২ টা শাল কাঠৰ কুন্দাৰে ভৰ্তি নম্বৰ প্লেট বিহিন টাটা ডিআই এখন ৰাভা ছাত্ৰ সন্থাৰ সদস্যসকলে জব্দ কৰি নিশাই লোহাৰঘাটস্থিত ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ লৈ আহে।
ছাত্ৰ সন্থাৰ অভিযানকাৰীৰ দলটোৱে ঘটনাস্থলীত যোৱাৰ পূৰ্বে লোহাৰঘাটৰ বনবিষয়াগৰাকীক বিষয়টো অৱগত কৰিছিল যদিও তেওঁ বিষয়টোৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলিছে ৰাভা ছাত্ৰ সন্থাৰ সদস্যসকলে।
অৱশ্যে পাছত ঘটনাস্থলীত উপস্থিত হোৱাত ৰাভা ছাত্ৰ সন্থাৰ সদস্যসকলৰ সৈতে বনবিষয়া গৰাকীয়ে বাক-বিতণ্ডাত লিপ্ত হ’ব লগা পৰিস্থিতিৰো সৃষ্টি হয় বুলি জানিবলৈ দিয়ে। ইমানৰ পাছতো বন বিষয়াগৰাকীয়ে এই বিষয়টোৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াত চোৰাং ব্যৱসায়ীৰ সৈতে গোপন বুজাবুজি থকাৰ অভিযোগ তুলি আজি দুপৰীয়া ৰাভা ছাত্ৰ সন্থাৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰি বন বিভাগৰ ফোপলা স্বৰূপটো উদঙাই দিয়ে।
আনহাতে শান্তনু পাটোৱাৰী বন বিষয়া হোৱাৰ যোগ্যতা নাই বুলিও মন্তব্য কৰি আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে লোহাৰঘাটৰপৰা তেওঁক অপসাৰণ কৰাৰ দাবী তোলে। অন্যথা পুনৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ লোহাৰঘাটৰ বন বিভাগৰ কাৰ্যালটোত তলা ওলোমাই দিব বুলিও হুংকাৰ দি শীঘ্ৰে বন মন্ত্ৰীয়ে বিষয়টো গুৰুত্বসহকাৰে চালি-জাৰি চোৱাৰ বাবেও আহ্বান জনায়।