মিৰ্জাঃ দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বুধবাৰে অসম ৰাজ্যিক পৰিবহন বিভাগৰ উদ্যোগত "পথ সুৰক্ষা সপ্তাহ" শৈক্ষিক সজাগতামূলক এক অনুষ্ঠান অনুষ্ঠিত হয়। সজাগতামূলক অনুষ্ঠানত জিলা পৰিবহন বিষয়া গৌতম দাস উপস্থিত থাকি দুৰ্ঘটনাৰ ফলত দেশত চাৰি মিনিটৰ ভিতৰত মৃত্য হয় এজন লোকৰ।
কামৰূপ জিলাত যোৱা বৰ্ষত বহু কেইটা দুৰ্ঘটনা সংঘটিত হৈ বিভিন্ন জনৰ মৃত্যু হৈছে। দুৰ্ঘটনা নহওক তাৰে কামনা কৰিও আমাৰ মাজত হোৱা দুৰ্ঘটনা বেছি ভাগেই অসাৱধানতাৰ বাবে সংঘটিত হৈ আহিছে। ইয়াৰ উদ্দেশ্য হ’ল-পথ সুৰক্ষাৰ যিবোৰ নীতি নিয়ম পালন কৰা আৰু বৰ্তমান সময়ত যাতে দুৰ্ঘটনা অধিক নহয় তাৰ বাবে সজাগ কৰা। আগৰ বছৰৰবোৰতকৈ সাম্প্ৰতিক সময়ত দুৰ্ঘটনা ৰোধ কৰিব লাগিব। সেই উদ্দেশ্য আগত ৰাখি অসম চৰকাৰৰ পৰিবহন বিভাগে "পথ সুৰক্ষা" নামেৰে সজাগতামূলক কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত নীতি-নিয়মৰ বিষয়ে জনোৱাৰ বাবেই ৰূপায়ণ কৰিছে এনে কাৰ্যসূচী।
লগতে ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা সমাজখনত যাতে পথ দুৰ্ঘটনা সংঘটিত নহয় সেইবোৰৰ প্ৰতি সজাগ কৰা। লগতে বাইক ষ্টেণ্ড, চিট বেল আদি বিভিন্ন নীতি-নিয়ম নমনাকৈ গাড়ী চলাই তেওলোকৰ অনুজ্ঞা পত্ৰ তিনি মাহৰ বাবে বাতিল কৰা হ'ব। আকৌ যিবোৰে যান-বাহন আইন নীতি নিয়ম উলংঘা কৰি সমাজখনক বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰে তেওঁলোকৰ অনিৰ্দিষ্ট সময়লৈকে অনুজ্ঞা পত্ৰ বাতিল কৰিব।
বৰ্তমান সময় যান্ত্ৰিকতাৰ যুগ, যান-বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে দুৰ্ঘটনা কেতিয়াও ৰোধ কৰিব নোৱাৰিম। ইয়াৰ ক্ষেত্ৰত ৰাইজ সজাগ হ’ব লাগিব। দুৰ্ঘটনা মুক্ত সমাজ এখন গঠন কৰিব লাগিব তেতিয়াহে পথ সুৰক্ষিতভাৱে যাতায়ত কৰিব পাৰিব বুলি উল্লেখ কৰে জিলা পৰিবহন বিষয়া গৌতম দাসে।
সভাত বিশিষ্ট অভিনেত্ৰী বিৰিণা চক্ৰৱৰ্তী, যান-বাহন পৰিদৰ্শক জয় সিং ৰংফাৰ, দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ ফণীন্দ্ৰ চন্দ্ৰ ঠাকুৰীয়াৰ লগতে বন্দিতা খাউণ্ড, কল্পনা কলিতা, ডিম্পল গগৈ আদিকে ধৰি বহুকেইগৰাকী ব্যক্তি উপস্থিত থকা সভাত যান-বাহন চলাই দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত মৃত্যু হোৱা পৰিয়ালৰ কেনে অৱস্থা হয় সেই সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখন চুটি ছবি প্ৰদৰ্শন কৰা হয়। আনহাতে, সজাগতামূলক কাৰ্যসূচী সামৰি তেজপুৰস্থিত ব্ৰেটেনিয়া কোম্পানীত কৰ পৰিশোধ নকৰাকৈ চলাচল কৰি থকা যান-বাহনৰ বিৰুদ্ধে জিলা পৰিবহন বিষয়া গৌতম দাসৰ নেতৃত্বত এটা অভিযানকাৰী দলে কোম্পানীত সামগ্ৰী কঢ়িওৱা গাড়ী এখন জব্দ কৰে।