#MeToo যৌন কেলেঙ্কাৰীৰ অভিযোগৰ বোকাত লুটুৰি-পুটুৰি মোডী চৰকাৰৰ মন্ত্ৰী

#MeToo সাংবাদিক প্ৰিয়া ৰামানিৰ বিৰুদ্ধে মানহানিৰ মোকৰ্দমা ৰজু কৰিছে মন্ত্ৰী এম জে আকবৰে

#MeToo সাংবাদিক প্ৰিয়া ৰামানিয়েও মন্ত্ৰী এম জে আকবৰৰ বিৰুদ্ধে আইনী মোকৰ্দমা ৰজু কৰিছে

ডিজিটেল ডেক্স,নতুন দিল্লীঃ অৱশেষত #MeTooৰ ধুমুহাত কঁপি উঠিল মোডীৰ চৰকাৰ। সাংবাদিকতাৰ পৰা ৰাজনীতিৱিদ হোৱা মোডী চৰকাৰৰ বৈদেশিক দপ্তৰৰ মন্ত্ৰী এম জে আকবৰে তেওঁৰ ওপৰত উঠা যৌন আতিসহ্যৰ অভিযোগৰ পিছত পদত্যাগ কৰিবলৈ বাধ্য হ’ল৷ ই-মেইল যোগে মন্ত্ৰীগৰাকীয়ে আজি পদত্যাগ কৰে৷ 

মন্ত্ৰীজন এতিয়া চৰকাৰী ভ্ৰমন কাৰ্য্যসূচী লৈ নাইজেৰিয়াত আছে৷ ই-মেইলযোগে পদত্যাগ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে,‘এই সকলোবোৰ অভিযোগ মিছা আৰু সেইবাবে মই আডালতৰ দ্বাৰাস্থ হৈছোঁ৷ মোৰ নিৰ্দোষিতা আডালতে প্ৰমান কৰিব৷ কিন্তু এনে অভিযোগ উঠাৰ পিচত পদৱীত থকা উচিত নহয় বুলি ভাৱি মই পদত্যাগ কৰিলোঁ৷

উল্লেখযোগ্য যে আজি কিছুদিন আগতে মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষে আয়োজিত এক অনুষ্ঠানত যোগ দিবলৈ মন্ত্ৰীগৰাকী নাইজেৰিয়ালৈ গৈছিল৷ সেই সময়তেই এগৰাকী মহিলা সাংবাদিকে যৌন আতিসাহ্যৰ অভিযোগ আনিছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে৷ মন্ত্ৰী আকবৰৰ বিৰুদ্ধে প্ৰথমে অভিযোগ আনিছিল প্ৰিয়া ৰামানী নামৰ এগৰাকী মহিলা সাংবাদিকে৷ তাৰ পিছত এগৰাকী এগৰাকীকৈ প্ৰায় বিশগৰাকী মহিলাই এই মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এনে অভিযোগ কৰিবলৈ আৰম্ভ কৰিলে৷ উল্লেখযোগ্য যে এই সকলোগৰাকী মহিলাই এম জে আকবৰে সম্পাদক হিচাপে প্ৰায় দহ বছৰ কাম কৰা এখন সৰ্বভাৰতীয় দৈনিক এছিয়ান এজৰ সৈতে জড়িত৷