ডিজিটেল ডেক্স,নতুন দিল্লীঃ অৱশেষত #MeTooৰ ধুমুহাত কঁপি উঠিল মোডীৰ চৰকাৰ। সাংবাদিকতাৰ পৰা ৰাজনীতিৱিদ হোৱা মোডী চৰকাৰৰ বৈদেশিক দপ্তৰৰ মন্ত্ৰী এম জে আকবৰে তেওঁৰ ওপৰত উঠা যৌন আতিসহ্যৰ অভিযোগৰ পিছত পদত্যাগ কৰিবলৈ বাধ্য হ’ল৷ ই-মেইল যোগে মন্ত্ৰীগৰাকীয়ে আজি পদত্যাগ কৰে৷
মন্ত্ৰীজন এতিয়া চৰকাৰী ভ্ৰমন কাৰ্য্যসূচী লৈ নাইজেৰিয়াত আছে৷ ই-মেইলযোগে পদত্যাগ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে,‘এই সকলোবোৰ অভিযোগ মিছা আৰু সেইবাবে মই আডালতৰ দ্বাৰাস্থ হৈছোঁ৷ মোৰ নিৰ্দোষিতা আডালতে প্ৰমান কৰিব৷ কিন্তু এনে অভিযোগ উঠাৰ পিচত পদৱীত থকা উচিত নহয় বুলি ভাৱি মই পদত্যাগ কৰিলোঁ৷