ডিজিটেল ডেস্কঃ শাসকীয় বিজেপি দলৰ একাংশ নেতা, সাংসদ, বিধায়কে এতিয়া মুখ খুলিলেই বিতৰ্কৰ সৃষ্টি হয়৷ কেতিয়াবা আন ধৰ্মৰ বিৰুদ্ধে, কেতিয়াবা তাজমহলৰ বিৰুদ্ধে বিৰূপ মন্তব্য প্ৰদান কৰি বিতৰ্কৰ সৃষ্টি কৰি আহিছে৷ আমি জানো দেশৰ জনসংখ্যা বৃদ্ধি এক বহুল সমস্যাৰূপে পৰিগণিত হৈছে৷
দেশৰ চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে বিভিন্ন পন্থা অৱলম্বন কৰি আহিছে৷ বিজ্ঞাপন প্ৰচাৰ কৰি জনসংখ্যা নিয়ন্ত্ৰণৰ নামত কোটি কোটি টকা খৰচ কৰিষে৷ কোৱা বাহুল্য যে চৰকাৰৰ সকলো প্ৰচেষ্টাক অট্টহাস্য কৰি এগৰাকী বিজেপি বিধায়কে মন্তব্য কৰি বিতৰ্কৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে উত্তৰ প্ৰদেশৰ মুজফাৰনগৰত জনসংখ্যা নিয়ন্ত্ৰণৰ ওপৰত অনুষ্ঠিত আলোচনা সভাত ভাগ লৈ বিজেপি বিধায়ক বিক্ৰম সৈনীয়ে জনসংখ্যা নিয়ন্ত্ৰণৰ ওপৰত বিতৰ্কিত মন্তব্য আগবঢ়াইছে।
বিধায়ক গৰাকীয়ে কয়, যেতিয়ালৈ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে আইন প্ৰণয়ন নকৰিব তেতিয়ালৈ হিন্দু সকলে ৰৈ থকাৰ কোনো সকাম নাই বুলি ব্যংগাত্মকভাৱে মন্তব্য কৰে। কেন্দ্ৰীয় চৰকাৰে জন্ম নিয়ন্ত্ৰণক উদ্দেশ্য কৰি দি অহা 'হম দো হমাৰা দো’ শ্ল’গানক লক্ষ্য কৰি বিক্ৰমে সৈনীয়ে এই মন্তব্য আগবঢ়াই।
তেওঁ লগতে কয়, 'হ্যম দো হ্যমাৰা দো’ আমি মানি ললেও বহুতে আকৌ এটাক লৈয়ে সন্তুষ্ট আছে। আনহাতে কাৰোবাৰ বাবে 'হ্যম দো হ্যমাৰা দো’ৰ ঠাইত 'হ্যম দো হ্যমাৰা ১৮’ আৰু 'হ্যম দো হ্যমাৰা ২৫’ হৈছে। দকৈ গমি চালে 'হ্যম দো হ্যমাৰা ১৮’ আৰু 'হ্যম দো হ্যমাৰা ২৫’ মন্তব্যটো কোনো এটা সম্প্ৰদায়ক উদ্দেশ্যি কৰা বুলি অনুমান কৰিব পৰা যায়।
বিধায়ক গৰাকীয়ে এই মন্তব্য কৰিয়েই ক্ষান্ত নাথাকি উপস্থিত ৰাইজৰ পৰা সঁহাৰি লাভ কৰি তেওঁ লগতে কয়, 'আইন সকলোৰে বাবে সমান হব লাগে, এই ক্ষেত্ৰত বৰ্তমানেও আইন গৃহীত হোৱা নাই, যাৰ বাবে তোমালোকে ৰৈ থকাৰ কোনো প্ৰয়োজন নাই৷ আইন-কানুন যেতিয়া গৃহীত হ’ব তেতিয়া সকলোৰে ক্ষেত্ৰত সমানেই প্ৰযোজ্য হ’ব৷ বিধায়ক গৰাকীয়ে সভাখনত নিজৰ মৰ্যাদা লাঘৱ কৰি পত্নীৰ পৰা পুত্ৰ জন্ম দিয়ালৈকে ব্যক্তিগত কথাকো উপস্থিত দৰ্শকৰ আগত ব্যক্ত কৰি নিজৰ ফোঁপোলা স্বৰূপ উদঙাই দিয়ে৷