ডিজিটেল ডেস্কঃ পূৰ্ব নিৰ্দ্ধাৰিত সময় অনুযায়ী সোমবাৰে পশ্চিম বংগৰ ৰাজধানী কলকাতাত উপস্থিত হয় তেলেংগানাৰ মুখ্যমন্ত্ৰী চিন্তামণি নাগেশা ৰামচন্দ্ৰ ৰাও৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নৱান্নলৈ আদৰণি জনাই ৰাৱক৷ 

কলকাতাত উপস্থিত হোৱাৰ পিছতেই মমতাই তৃণমূল কংগ্ৰেছৰ আন আন নেতাসকলক চিনাকী কৰি দিয়ে তেলেংগানাৰ মুখ্যমন্ত্ৰী চিন্তামণি নাগেশা ৰামচন্দ্ৰ ৰাৱৰ সৈতে৷ তাৰ পিছত ৰুদ্ধধাৰ বৈঠক অনুষ্ঠিত হয় দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ মাজত৷

সংবাদ মাধ্যমৰ সন্মুখত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে মন্তব্য প্ৰকাশ কৰে৷ মমতাই কয়, এয়া ভাল আৰম্ভণি৷ ৰাজনীতি এক নিৰন্তৰ প্ৰক্ৰিয়া৷ আমি যি কথাই পাতিছো দেশৰ বিকাশৰ বাবে পাতিছো৷ ৰাজনীতিয়ে পৰিস্থিতি সন্দৰ্ভত অৱগত কৰে৷ বিভিন্ন লোকৰ সৈতে কাম কৰিব লগা হয়৷ মই এই ৰাজনীতিকে বিশ্বাস কৰো৷ 

তেলেংগানাৰ মুখ্যমন্ত্ৰী চন্দ্ৰ শেখৰ ৰাৱে কয়, এয়া একত্ৰিত নেতৃত্ব৷ এয়া সংঘবদ্ধ নেতৃত্ব হ’ব৷ মানুহে ২০১৯ চনৰ পূৰ্বে আৰু এটা মৰ্চা হ’ব বুলি ভাবি আছে৷ মই স্পষ্ট কৰিছো এই মৰ্চা ভাৰতৰ জনসাধৰণৰ বাবে হ’ব৷ এয়া কোনো ৰাজনৈতিক দলৰ মিত্ৰজোঁট নহয়, এয়া জনসাধৰণৰ মিত্ৰজোঁট হ’ব৷ এতিয়া বিকল্প ব্যৱস্থাৰ প্ৰয়োজন হৈছে৷ কংগ্ৰেছৰ সন্দৰ্ভত প্ৰশ্ন কৰাত ৰাৱে কয় ‘‘আপোনালোকে পূৰ্বৰ পৰা চলি অহা ৰাজনীতিৰ কথা কৈছে৷ এয়া নতুন গঠবন্ধন হ’ব৷ এয়া বিপৰীত হ’ব৷’’ 

মমতাই কয় মই চন্দ্ৰ শেখৰক ফোনত কথা পাতি কৈ আহিছো আপোনাৰ সৈতে এক্য মত থকা বুলি৷ ঝৰখাণ্ডাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে থাৰ্ড ফ্ৰন্ট হলে যোগ দিব বুলি কয়৷ মহাৰাষ্ট্ৰ একাংশ সাংসদো আছে৷ ২০১৯ চনৰ নিৰ্বাচনত জনসাধৰণে পৰিৱৰ্তন বিচাৰিছে৷ ৰাষ্ট্ৰীয় ৰাজনীতিত গুণাত্মক পৰিৱৰ্তন প্ৰয়োজনীয়৷ 

মই একে বিচাৰ ধাৰাৰ লোকৰ সৈতে কথা পাতি আছো৷ প্ৰয়োজন হলে আন্দোলনৰ নেতৃত্ব লবলৈ সাজু আছো৷ যদি জনসাধৰণ নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে ক্ষোভিত হয় তেন্তে ৰাহুল গান্ধী নতুবা আন কোনো গান্ধী প্ৰধানমন্ত্ৰী হ’ব৷ ইয়াৰ দ্বাৰা প্ৰাৰ্থক্য পৰিব৷ আমি পূৰ্বৰ দশকত তেওলোকৰ চৰকাৰ দেখিছো৷ বিজেপি শাসনলৈ আহিলে দীন দয়াল, শ্যামা প্ৰসাদ মুখাৰ্জীৰ চৰ্চা কৰে৷ কংগ্ৰেছ শাসনত আহিলে ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধীৰ চৰ্চা কৰে৷