ডিজিটেল ডেস্কঃ ৰাম মন্দিৰক হাতিয়াৰ হিচাপে লৈ ২০১৯ৰ বিধানসভা নিৰ্বাচনৰ আগেয়ে দেশত সাম্প্ৰদায়িক সংঘৰ্ষৰে দেশক দুভাগ কৰাৰ পৰিকল্পনা কৰিছে কেতবোৰ ৰাজনৈতিক দলে। এই বিস্ফোৰক মন্তব্য মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ অধ্যক্ষ ৰাজ থাকৰেৰ। মুম্বাইৰ শিৱাজী পাৰ্কত এক বৃহৎ ৰেলীক সম্বোধন কৰি দেওবাৰে এনেদৰে শাসনাধিস্থ মোডী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰাজ থাকৰে।
ধৰ্মীয় মেৰুবিভাজনেৰে শাসনভাৰ দখলৰ এই চেষ্টাক পৰাহত কৰাৰ হুংকাৰ দি থাকৰে কয়, ২০১৯ চনলৈ ‘মোডী মুক্ত ভাৰত’ গঢ়িবলৈ আমি সকলোৱে লক্ষ্য স্থিৰ কৰিছো। ভুৱা প্ৰতিশ্ৰুতিৰ মেলা পতা গেৰুৱা চৰকাৰখনক গাদীচ্যুত কৰিবলৈ সকলো বিৰোধী দলকে একগোট হোৱাৰ বাবেও আহ্বান জনায় থাকৰেয়ে।