কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰস্থিত বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত কোকৰাঝাৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ উদ্যোগত আৰু জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ সহযোগত আজি এখন অনুশীলনমূলক আলোচনা সভা অনুষ্ঠিত হয়৷।

বানপানীৰ সময়ত বানপীড়িত ৰাইজক কেনেকৈ উদ্ধাৰ কৰিব পাৰি তথা সহায় সহযোগিতা আগবঢ়াব পাৰি সেই সম্পৰ্কে আলোচনা কৰা হয় এই সভাখনত।

আগন্তুক বাৰিষা কালৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়াকৈ সাজু হোৱা কোকৰাঝাৰ জিলা প্ৰশাসনে আজি মকড্ৰীলৰ জৰিয়তে বানপানীৰ সময়ত ল'বলগীয়া বিভিন্ন সাৱধানতা সম্পৰ্কেও সজাগ কৰে।

আনহাতে বানপানীৰ সময়ত ল'বলগীয়া সাৱধানতা আৰু উদ্ধাৰ অভিযান সন্দৰ্ভত কোকৰাঝাৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হোৱা আলোচনা চক্ৰৰ উদ্দেশ্য বাখ্যা কৰে চক্ৰ বিষয়া দ্বীপন বৰ্মনে।

বন্তি প্ৰজ্জ্বলনেৰে আলোচনা চক্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰি  জিলা উপায়ুক্ত বিবেকানন্দ চৌধুৰীয়ে নিজৰ ভাষণত বানপীড়িত ৰাইজক কেনেকৈ উদ্ধাৰ কৰি শিবিৰ পাতি ৰেছন যোগান ধৰি সহায় কৰা উচিত সেই সম্পৰ্কে বহলাই কয়৷

বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰা উক্ত আলোচনাচক্ৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে জয়ন্ত দত্তই।