ডিজিটেল ডেস্কঃ এতিয়া ৰাজনীতিত ধৰ্ণা-প্ৰতিবাদৰ প্ৰাসংগিকতা নাই৷ মহাৰাষ্ট্ৰৰ কৃষক আন্দোলনে দেশ উত্তাল কৰি ৰখাৰ সময়তে এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ সংসদত ‘বিকাশ কে লিয়ে হম’ শীৰ্ষক বিষয়কলৈ অনুষ্ঠিত কাৰ্যসূচীত মোডীয়ে দেশৰ সৰ্বাংগীন বিকাশৰ বাবে সামাজিক ন্যায়ৰ ওপৰত আলোচনা কৰে৷

এই সন্মিলনত উপস্থিত থকা সাংসদৰ লগতে বিধায়কসকলকো উদ্দেশ্যি মোডীয়ে কয়, পূৰ্বৰ দৰে এতিয়া সংঘৰ্ষ আৰু বিৰোধ প্ৰদৰ্শনৰ ‘উচ্ছৃংখল ৰাজনীতি’ কৰাৰ কোনো প্ৰাসংগিকতা নাই৷ মোডীয়ে দেশৰ ১১৫খন অল্প-বিকশিত জিলাত প্ৰগতি তথা উন্নয়নৰ বাবে মিলি-জুলি কাম কৰি যোৱাটোহে উচিত বুলি কৈ সাংসদসকলক কাম কৰি যাবৰ বাবে অনুৰোধ জনায়৷ মোডীয়ে লগতে দেশৰ সকলো শিশুৱে যেতিয়া স্কুললৈ যাব, ঘৰে ঘৰে বৈদ্যুতিকীকৰণ হ’ব তেতিয়াহে সামাজিক ন্যায়ৰ দিশটো এখোজ আগুৱাই যাব বুলি কয়৷ 

ইয়াৰোপৰি মোডীয়ে কয়, বিকাশৰ বাবে সুশাসন, আঁচনিসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাটো অতি আৱশ্যকীয়৷ নৰেন্দ্ৰ মোডীয়ে সন্মিলনত উপস্থিত থকা সাংসদসকলৰ লগতে বিভিন্ন ৰাজ্যৰ বিধায়কসকলক উদ্দেশ্যি কয়, এটা সময় আছিল, য’ত উচ্ছৃংখল ৰাজনীতি, প্ৰতিবাদ, সংঘৰ্ষ আদিয়ে ২৪ঘণ্টাই ৰাজনীতিত ক্ৰিয়া কৰিছিল৷ কিন্তু সেই সময় এতিয়া সলনি হ’ল৷ শাসিত দলৰেই হওক বা বিৰোধী দলৰেই হওক, মাত্ৰ এটা কথাৰ প্ৰতিহে ধ্যান দিয়া উচিত যে সহায়ৰ বাবে আপুনি আগবাঢ়ি আহিছে নে নাই৷

সাংসদসকলক প্ৰতিবাদ, ধৰ্ণা আদি কাৰ্যসূচী হাতত লোৱাৰ পৰা বিৰত থাকি নিজৰ নিজৰ এলেকাত উন্নয়নমূলক কাম কৰিবৰ বাবেহে মোডীয়ে আহ্বান জনায়৷ মোডীয়ে কয়, ১১৫খন জিলাৰ বাবে কৰিব লগা বিকাশমূলক কাম সমূহেই হৈছে সামাজিক ন্যায়৷ যদি জনপ্ৰতিনিধিসকলে জনতাৰ হকে এবছৰ পূৰ্ণোদ্যমে তথা মনোযোগ দি কাম কাম কৰে, তেন্তে জিলা সমূহলৈ বহুতো পৰিৱৰ্তন আহিব৷ যাৰ জৰিয়তে ভাৰতৰ মানবীয় বিকাশৰ সূচ্যাংক ওপৰলৈ যোৱাত সহায়ক হ’ব৷

মোডীয়ে ১১৫খন জিলাক পিছপৰা জিলা বুলি নকৈ ‘অভিলাষী’ জিলা হিচাপেহে নামাংকৃত কৰিছে৷ কিয়নো পিছপৰা শব্দটোৰ সৈতে ঋণাত্মক ভাৱধাৰা জড়িত হৈ থাকে৷ আমি পিছপৰা জিলা সমূহকহে প্ৰতিযোগিতামুখী কৰি তোলা উচিত বুলি কয় মোডীয়ে৷ ইয়াৰোপৰি মোডীয়ে পিছপৰা জিলাসমূহৰ বাবে যিসকল যুৱ বিষয়াই উন্নয়নমূলক কাম কৰি যাবলৈ ইচ্ছুক, সেই যুৱ বিষয়াসকলক  জিলাধিকাৰী পদত অধিষ্ঠিত কৰা হ’ব বুলি মোডীয়ে জানিবলৈ দিয়ে৷ নৰেন্দ্ৰ মোডীয়ে, দেশৰ পিছপৰা জিলাসমূহৰ বিকাশৰ বাবে কাম কৰি যোৱাটো সংবিধানত উল্লিখিত সামাজিক ন্যায়ৰে এক অংশ বুলিও কয়৷  
 
(Inputs from the wire)