87
ডিজিটেল ডেস্কঃ ‘‘ভাৰত কী বাত, সব কে সাথ’’ শীৰ্ষক এক আলোচনাত অংশ ল’বলৈ চুইডেনৰ পৰা বৃটেইনৰ ৰাজধানী লণ্ডনত উপস্থিত হৈছে ভাৰতৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷
প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণ কাৰ্যসূচীৰ মাজতে মঙলবাৰে নিশাৰ ভাগত লণ্ডন এয়াৰপ’ৰ্টত উপস্থিত হয় মোদী৷ এয়াৰপ’ৰ্টতে ভাৰতৰ প্ৰধানমন্ত্ৰীক স্বাগত জনায় বৃটেইনৰ বিদেশ মন্ত্ৰী বোৰিছ জনছনে৷