ডিজিটেল ডেস্কঃ ‘‘ভাৰত কী বাত, সব কে সাথ’’ শীৰ্ষক এক আলোচনাত অংশ ল’বলৈ চুইডেনৰ পৰা বৃটেইনৰ ৰাজধানী লণ্ডনত উপস্থিত হৈছে ভাৰতৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷

প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণ কাৰ্যসূচীৰ মাজতে মঙলবাৰে নিশাৰ ভাগত লণ্ডন এয়াৰপ’ৰ্টত উপস্থিত হয় মোদী৷ এয়াৰপ’ৰ্টতে ভাৰতৰ প্ৰধানমন্ত্ৰীক স্বাগত জনায় বৃটেইনৰ বিদেশ মন্ত্ৰী বোৰিছ জনছনে৷ 

প্ৰধানমন্ত্ৰীয়ে বুধবাৰে লণ্ডনত আয়োজন হ’বলগীয়া কমনৱেলথ গেমছ-২০১৮ৰ অধ্যক্ষৰ সৈতে এক বৈঠকত ভাগ ল’ব৷ ইয়াৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লণ্ডনৰ ঐতিহাসিক ৱেষ্টমিনষ্টাৰ হলত আয়োজিত ‘ভাৰত কী বাত, সব কে সাথ’’ নামৰ এক আলোচনাত অংশ ল’ব৷ য’ত প্ৰধানমন্ত্ৰীয়ে প্ৰৱাসী ভাৰতীয়সকলৰ ফেচবুক, টুইটাৰ, ই-মেইল যোগে সোধা ভাৰত সম্পৰ্কীয় বিভিন্ন প্ৰশ্নৰ উত্তৰ দিব৷ 

ইফালে জানিব পৰা মতে প্ৰধানমন্ত্ৰীয়ে বুধবাৰে নিশাৰ ভাগত বৃটেইনৰ মহাৰাণী এলিজাবেথক সাক্ষাৎ কৰি এক আলোচনাত মিলিত হ’ব৷