ডিজিটেল ডেস্কঃ শুকুৰবাৰে পুৱাই এতিহ্যমণ্ডিত কেডাৰ নাথ মন্দিৰত উপস্থিত হ’ল নৰেন্দ্ৰ মোডী৷ উত্তৰাখণ্ডৰ কেডাৰ নাথ মন্দিৰত উপস্থিত হৈ মন্দিৰটোৰ চৌদিশ পৰিদৰ্শন কৰে মোডীয়ে৷ মন্দিৰৰ কৰ্মকৰ্তা, মুল পূজাৰীক সাক্ষাত কৰাৰ লগতে সেৱা লয়৷ মোডীয়ে পৰ্যটকক কেডাৰ নাথ মন্দিৰ পৰিদৰ্শন কৰাৰ বাবে আহ্বান জনায়৷
মোডী কয় "কেডাৰ মন্দিৰৰ বাবে যিয়ে কাম কৰিব তেও ভৱিষ্যতৰ বাবে নিদৰ্শন হৈ থাকিব৷ তীৰ্থস্থান কেনে হ’ব লাগে তাৰ নিদৰ্শন হ’ব কেডাৰ নাথ ধাম৷ কেডাৰ নাথ কেৱল তীৰ্থস্থানে নহয় এই ঠাইৰ সৌন্দৰ্যই পৰ্যটকক আকৰ্ষণ কৰিব৷ ইয়াত থাকিব এডভেঞ্চাৰ ক্ৰীড়াৰ ব্যৱস্থা"৷
আনহাতে মোডীয়ে উত্তৰাখণ্ডৰ বাসিন্দাক শুভেচ্ছা জনাই সংযম আৰু শৃংখালাবদ্ধ আখ্যা দি উত্তৰাখণ্ডৰ লোকৰ তেজত শৃংখলা আৰু বীৰত্ব আছে বুলি কয়৷ যাৰ বাবে ইয়াৰ লোকে সেনা বাহিনীত যোগ দিব লাগে বুলি কয় মোডীয়ে৷ মোডীয়ে আৰু কয় "হিমালয়ৰ একেধাৰে যেনেকৈ আধ্যাত্মিকতা বৈ আছে তেনেকৈ প্ৰকৃতিপ্ৰেমীৰ বাবে বৈ আছে অপাৰ সৌন্দৰ্য৷
ইয়াতে ক্ৰীড়া, এডভেঞ্চাৰ ক্ৰীড়াৰ সুযোগো আছে৷ মই দেশবাসীক আমন্ত্ৰণ জনাইছো৷ ইয়ালৈ আহক৷ হিমালয়ৰ সৌন্দৰ্য উপভোগ কৰক৷ আমি কেডাৰ নাথৰ যি ধৰণে কাম কৰিছো তাৰ প্ৰমাণ কৰিব আদৰ্শ কেনেকুৱা হোৱা উচিত৷ এফালে তীৰ্থযাত্ৰীক গুৰুত্ব দিয়া হৈছে আনহাতে পুৰোহিতসকলে যাতে কোনো ধৰণৰ সমস্যাত নপৰে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে"৷ জানিব পৰা মতে শীতকাল পৰাৰ লগে লগে বন্ধ হ’ব কেডাৰ নাথ মন্দিৰ৷ পুনৰ মাৰ্চ মাহত মুকলি কৰা হয়৷