ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধানসভা নিৰ্বাচনলৈ মাজত আৰু ৩ দিন বাকী৷ কৰ্ণাটকত শাসকীয় চৰকাৰখনৰ পতন ঘটাই নতুন চৰকাৰ গঠন কৰিবলৈ উঠি পৰি লাগিছে বিজেপি৷ ইফালে পিছ পৰি ৰোৱা নাই শাসকীয় কংগ্ৰেছেও৷ ৰাজ্যখনৰ অধিক উন্নয়নৰ আশ্বাস দি কংগ্ৰেৰ নেতৃবৰ্গইও চলাইছে নিৰ্বাচনী প্ৰচাৰ৷
ৰাজ্যখনত বিজেপিৰ হৈ কেন্দ্ৰীয় অধ্যক্ষ অমিত শ্বাহ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই কেইবাখনো নিৰ্বাচনী সভাত অংশ লৈছে৷ আনহাতে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী আৰু দলৰ শীৰ্ষ নেতাইও ৰাজ্যখনৰ কেইবাখনো নিৰ্বাচনী সভাত অংশ লৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে৷