ডিজিটেল ডেস্কঃ সংসদত অনুষ্ঠিত ৰাষ্ট্ৰীয় বিধায়ক সন্মিলনত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশগ্ৰহণ কৰি সামাজিক ন্যায় প্ৰদান কৰাই আমাৰ প্ৰধান উদ্দেশ্য বুলি কয়৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই মন্তব্য আগবঢ়ােৱাৰ লগতে দেশৰ সকলো ৰাজ্যতে এনে জিলা আছে, যি সমূহ জিলাৰ বিকাশৰ স্থিতি শক্তিশালী বুলি কয়৷
এনে জিলা সমূহৰ বিকাশ তথা উন্নয়নৰ দিশবোৰ আমি শিকি লৈ দুৰ্বল তথা বিকাশহীন জিলাসমূহত উন্নয়নমূলক কাম কৰিব পাৰো তাৰ চিন্তা কৰিব লাগিব৷ মোডীয়ে লগতে কয়, সমাজৰ সকলো লোকে সাৰ্বজনীন ভাৱে কাম কৰি গ’লে উন্নয়নৰ দিশত সহায় হ’ব৷
য’ত চিন্তাশীল লোকে ৰাইজৰ সৈতে লগ লাগি কাম কৰে আৰু বিকাশমূলক কামবোৰৰ লগত মিলি কাম কৰে তেনে ক্ষেত্ৰত পৰিৱৰ্তন অৱশ্যাম্ভাৱী৷ ইয়াৰ লগতে সহযোগিতামূলক ভাৱধাৰা তথা প্ৰতিযোগিতামূলক মনোভাৱ এখন দেশৰ বিকাশৰ বাবে লাভজনক বুলিও কয় মোডীয়ে৷
মোডীয়ে লগতে কয়, আমাৰ শ্ৰম কৰাৰ শক্তি আছে, আমাৰ কাম কৰাৰ দক্ষতা আছে, লগতে আছে বিকাশৰ বিভিন্ন সমল৷ যাৰ বাবে আমি অভিযানমূলক তথা শৃংখলাগতভাৱে কাম কৰা উচিত দেশৰ যোগাত্মক পৰিৱৰ্তন কৰাৰ স্বাৰ্থত৷
অামাৰ মূল উদ্দেশ্যই হৈছে সামাজিক ন্যায়৷ মোডীয়ে বিকাশ আৰু ন্যায়ৰ সন্দৰ্ভ মন্তব্য আগবঢ়ায় কয়, মোক বহু লোকে বহু সময়ত দাবী কৰে যে চৰকাৰে এঘৰত বিজুলী যোগান দিলে কাষৰ ঘৰত কিয় যোগান নধৰে৷ এইটো কি সামাজিক ন্যায়ৰ ক্ষেত্ৰত আপোনাৰ কোনো দায়িত্ব নাই নেকি যে সেই ঘৰটোতো বিজুলী যোগান ধৰাৰ৷