newsnextone.com | ডিজিটেল ডেস্কঃ শুকুৰবাৰে লোকসভাত বিৰোধী দলৰ অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত বিতৰ্কৰ অন্তত আৰু ভোটদান অনুষ্ঠিত হ’ব৷ ১৮ জুলাইৰ পৰা আৰম্ভ হোৱা দুয়ো সদনৰ বৰ্ষাকালীন অধিবেশনত বিৰোধী দলে অনাস্থা প্ৰস্তাৱ দাখিল কৰিছিল৷ ইতিমধ্যে বিৰোধী দলৰ নেতা আৰু শাসকীয় দলৰ নেতাই লোকসভাত নিজ নিজ মন্তব্য দাঙি ধৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে অনাস্থা সন্দৰ্ভত বিৰোধীৰ ভাষণৰ অন্তত ভাষণ প্ৰদান কৰে৷
মোডীয়ে বিৰোধী দলক তীব্ৰ আক্ৰমণ কৰি কয় যে আমি আজি নিজ নিজ কথা কবলৈ সুবিধা পাইছোঁ৷ এয়াও চাব লাগিব দেশৰ একাংশ লোকে কেনেদৰে বিয়োগাত্মক ৰাজনীতি কৰি ঘেৰি ৰাখিব বিচাৰে৷ কেনেদৰে উন্নয়ন প্ৰতি বিৰোধী কৰে৷ কিন্তু মোৰ মোৰ আজি মন প্ৰসন্ন হৈছে৷ অনাস্থা প্ৰস্তাৱ কিয় অনা হ’ল৷ নে তেওঁলোকৰ সংখ্যা আছে নে সংখ্যাগৰিষ্ঠতা আছে তাৰ পিছতোঁ সদনত প্ৰস্তাৱ কিয় অনা হ’ল৷