newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চীন ভ্ৰমণৰ পিছত শুকুৰবাৰে প্ৰধানমন্ত্ৰী গৰাকী ৰাওনা হ’ল নেপাল ভ্ৰমণলৈ৷ নেপালৰ সৈতে সুহৃদ সম্পৰ্ক বৰ্তাই ৰখাৰ স্বাৰ্থতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবাৰ দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে শুকুৰবাৰে নেপাল অভিমুখে ৰাওনা হয়৷ 

নেপাল ভ্ৰমণ সম্পৰ্কে মোডীয়ে কয় যে নেপাল যাত্ৰা তেওঁৰ ‘ওচৰ-চুবুৰীয়া প্ৰথমতে’ নীতিৰ অন্তৰ্গত৷ তেওঁ নেপালৰ নতুন যুগত খোজ দিয়াৰ বিষয়ে উল্লেখ কৰি নেপালৰ বিকাশৰ ক্ষেত্ৰত ভাৰতে সদায় সংগ দিব বুলি মন্তব্য কৰে৷ 

প্ৰধানমন্ত্ৰীয়ে এক বিবৃতিযোগে কয়, ‘‘নেপালৰ সতে আমাৰ পুৰণি, ঘনিষ্ঠ আৰু মিত্ৰতাপূৰ্ণ সম্পৰ্ক চলি আহিছে৷ এই সম্পৰ্ক অটুত ৰখাৰ স্বাৰ্থত মই নেপাল ভ্ৰমণলৈ যাম৷ যাতে দুয়োখন দেশৰ মাজৰ একতা সদায় বৰ্তি থাকে৷’’ নেপালী প্ৰধানমন্ত্ৰী কে পি শৰ্মা ওলীয়ে যোৱা মাহত ভাৰত ভ্ৰমণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এইবাৰ তৃতীয় বাৰৰ বাবে হিমালয় প্ৰদেশী ৰাষ্ট্ৰ ভ্ৰমণ কৰিব৷

শুকুৰবাৰে প্ৰধানমন্ত্ৰীৰ নেপাল ভ্ৰমণ কাৰ্যসূচী জনকপুৰৰ পৰা আৰম্ভ হ’ব৷ নেপালৰ বিদেশ মন্ত্ৰী প্ৰদীপ কুমাৰ গয়াবালী আৰু নেপালৰ ভাৰত ৰাষ্ট্ৰদূত মঞ্জীৱ সিং পুৰীয়ে জনকপুৰত উপস্থিত হৈ ঐতিহাসিক আৰু ধাৰ্মিক চহৰখনত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ কাৰ্যসূচীৰ ব্যৱস্থা কৰে৷ 

মোডীয়ে নেপাল ভ্ৰমণত নেপালৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি, নেপালক দলীয় জ্যেষ্ঠ নেতাসকলৰ লগত আলোচনাত মিলিত হোৱাৰ লগতে নেপালৰ ঐতিহাসিক চহৰ মুক্তিধামলৈো যাব৷