newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চীন ভ্ৰমণৰ পিছত শুকুৰবাৰে প্ৰধানমন্ত্ৰী গৰাকী ৰাওনা হ’ল নেপাল ভ্ৰমণলৈ৷ নেপালৰ সৈতে সুহৃদ সম্পৰ্ক বৰ্তাই ৰখাৰ স্বাৰ্থতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবাৰ দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে শুকুৰবাৰে নেপাল অভিমুখে ৰাওনা হয়৷
নেপাল ভ্ৰমণ সম্পৰ্কে মোডীয়ে কয় যে নেপাল যাত্ৰা তেওঁৰ ‘ওচৰ-চুবুৰীয়া প্ৰথমতে’ নীতিৰ অন্তৰ্গত৷ তেওঁ নেপালৰ নতুন যুগত খোজ দিয়াৰ বিষয়ে উল্লেখ কৰি নেপালৰ বিকাশৰ ক্ষেত্ৰত ভাৰতে সদায় সংগ দিব বুলি মন্তব্য কৰে৷