newsnextone.com | ডিজিটেল ডেস্কঃ ৪৩ বছৰ পূৰ্বে তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে লাগু কৰা জৰুকালীন অৱস্থাৰ বিৰোধিতাৰে ক’লা দিৱস পালন কৰি বিজেপিয়ে কংগ্ৰেছক জোৰদাৰ আক্ৰমণ কৰা পৰিলক্ষিত হৈছে৷ এইবাৰ কংগ্ৰেছৰ আক্ৰমণৰ লক্ষ্য কৰি মঙলবাৰে টুইট কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইট কৰি কয়, ‘ভাৰতে জৰুকালীন অৱস্থাক ক’লা দিৱস হিচাপে মনত ৰাখিছে৷ সেই কালত দেশৰ সকলো অনুষ্ঠান ধ্বংস কৰি পেলাৱো হৈছিল আৰু ভয়ৰ পৰিৱেশ সৃষ্টি কৰা হৈছিল৷ জৰুৰীকালত কেৱল জনতাৰ স্বাধীনতাই নহয়, লগতে বিচাৰ-চিন্তাধাৰও বন্দী কৰি ৰখা হৈছিল৷’

মোডীয়ে কয়, ‘মই সেই সকলো লোকক শ্ৰদ্ধাৰে সোঁৱৰিছো৷ যি সকলে ৪৩ বছৰ পূৰ্বে জৰুৰীকালৰ বিৰোধ কৰি আহিছে৷ তাৰ বিৰুদ্ধে সংঘৰ্ষ কৰিছে আৰু তেওঁলোকৰ সংঘৰ্ষৰ ফল স্বৰূপেই দেশৰ জনতৰ গণতান্ত্ৰিক আধিকাৰ ৰক্ষা পৰিছে৷’ 

জৰুৰীকালীন সময়ত দমনকাৰী আদেশ আৰু বিবাদস্পষ্ট সিদ্ধান্তৰ বিৰোধিতা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ গণতন্ত্ৰ শক্তিশালী কৰি তুলিবলৈ জনতাক আহ্বান জনায়৷ তেওঁ কয়, ‘লিখা, তৰ্ক কৰা, প্ৰশ্ন উত্থাপন কৰা আদি গণতন্ত্ৰৰ গুৰুত্বপূৰ্ণ বিষয়৷ কোনো শক্তিয়ে আমাৰ সংবিধানৰ প্ৰাৰম্ভিক সিন্ধান্তসমূহ নষ্ট কৰিব নোৱাৰে৷’

ইফালে, উপ-ৰাষ্ট্ৰপতি ভেংকেয়া নাইডুৱেও জৰুৰীকালৰ সময়ছোৱাক ভাৰতৰ গণতন্ত্ৰৰ ক’লা দিন হিচাপে আখ্যা দিয়ে৷ ৪৩ বছৰ পূৰ্বে কংগ্ৰেছে দেশলৈ ঘোৰ অমানিশা নমাই অনা বুলি অভিযোগ উত্থাপন কৰি বিদ্যালয়ৰ পাঠ্যক্ৰমত জৰুকালৰ বিষয়ে শিক্ষা প্ৰদান কৰা উচিত বুলিও মন্তব্য কৰে নাইডুৱে৷ জৰুৰীকাল কিয় আৰু কেনেকৈ লাগু কৰা হৈছিল সেই বিষয়ে দেশৰ প্ৰজন্মক সচেতন কৰি তোলা উচিত বুলি মন্তব্য কৰে উপ-ৰাষ্ট্ৰপতিয়ে৷

আনফালে, জৰুৰীকালক লৈ কংগ্ৰেছক আক্ৰমণ কৰি বিজেপিয়ে সমগ্ৰ দেশত ক’লা দিৱস পালন কৰা পৰিলক্ষিত হৈছে৷ বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে মঙলবাৰে অহমদাবাদত উপস্থিত থাকি সংবাদ মেলত অংশ ল’ব বুলি জানিব পৰা গৈছে৷ বিজেপিৰ জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰী সকলেও বিভিন্ন ৰাজ্যত ক’লা দিৱসত অংশ ল’ব৷

উল্লেখ্য যে, ৪৩ বছৰ পূৰ্বে ১৯৭৫ চনত দেশত ২৫-২৬ জুনৰ মাজনিশা জৰুৰীকাল লাগু কৰা হৈছিল৷ তৎকালীন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে তেতিয়া ৰেডিঅ’ যোগে জৰুৰীকাল লাগু কৰা বিষয়ে ঘোষণা কৰিছিল৷