ডিজিটেল ডেস্কঃ চীন ভাৰতৰ মাজৰ সীমা বিবাদ তথা দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ উত্তৰণৰ স্বাৰ্থত দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে চীনলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷ অহা ২৭ এপ্ৰিলত মোডীয়ে চীনৰ মাটিত ভৰি থৈ বুহান চহৰত চীনৰ ৰাষ্ট্ৰপতি চী জিনপিংগৰ সৈতে আলোচনাত মিলিত হ’ব৷
 
জানিব পৰা মতে, বুহান চহৰত নৰেন্দ্ৰ মোডী আৰু চী জিনপিংগৰ বৈঠকখন ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু চীনৰ সমসাময়িক নেতা তংগ শ্বোপিংগৰ মাজত চীন-ভাৰতৰ সম্পৰ্ক শুধৰণিমূলক ১৯৮৮ চনৰ শিখৰ বৈঠকৰ ভিত্তিত আয়োজন কৰা হ’ব৷ উল্লেখ্য যে ১৯৬২ চনত স্থগিত হৈ পৰি ৰোৱা ভাৰত-চীনৰ মাজৰ পাৰস্পৰিক সম্পৰ্কটো ৰাজীৱ গান্ধী-শ্বোপিংগে নতুনকৈ আৰম্ভ কৰিছিল৷     

চীনৰ বুহান চহৰত আয়োজন হ’বলগীয়া বৈঠকখনে আগন্তক ১৫ বছৰলৈ দুয়োখন দেশৰ মাজৰ শান্তি বৰ্তাই ৰখাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰিছে সচেতন মহলে৷ তদুপৰি দুয়োখন দেশৰ প্ৰধান দুগৰাকীৰ বৈঠকৰ জৰিয়তে দুয়োখন দেশৰ মাজত পূৰ্বৰে পৰা চলি অহা সীমা বিবাদৰ নিচিনা এটা জটিল বিষয়ৰো সমাধান সম্ভৱ হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে৷