28
May
অভয়াপুৰীঃ অভয়াপুৰী আৰক্ষীৰ জালত পৰিল পাষণ্ড পংকজ মণ্ডল। উল্লেখ্য যে বঙাইগাওঁ জিলাৰ অভয়াপুৰীৰ সমীপৱৰ্তী ডুমেৰগুৰিৰ তৃতীয়খণ্ড যোৱা ২৪ মে'ত সংঘটিত হৈছিল এক জঘন্য ঘটনা।
ডুমেৰগুৰিৰ তৃতীয় খণ্ডৰ এটি সন্তানৰ পিতৃ পংকজ মণ্ডলে ৫বছৰীয়া শিশুৰ ওপৰত চলাইছিল যৌন নিৰ্যাতন।উক্ত দুষ্কাৰ্য সংঘটিত কৰিয়ে লম্পট পংকজে পলায়ন কৰে।
নিৰ্যাতিতা কন্যা শিশুটিৰ পৰিয়ালে ন্যায় বিছাৰি যোৱা ২৫মে'ত লম্পট পংকজৰ বিৰুদ্ধে অভয়াপুৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
এই সৰ্ন্দভত অভয়াপুৰী আৰক্ষী থানাই পংকজ মণ্ডলৰ বিৰুদ্ধে ৩৯৮/১৭ নম্বৰত এটি গোচৰ ৰুজু কৰি আৰক্ষীয়ে লম্পট পংকজৰ সন্ধান অৱ্যাহত ৰাখিছিল।
অৱশেষত আজি বিয়লিৰ ভাগত লেংটিছিঙা বজাৰত আৰক্ষীয়ে পাষণ্ড পংকজক আটক কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।