newsnextone.com | ডিজিটেল ডেস্কঃ বৰ্ষাকালীন অধিবেশন আৰম্ভ হোৱাৰ এদিন পূৰ্বে চৰকাৰে সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰি সকলো দলৰ পৰা সদন পৰিচালনা কৰাত সহায় বিচাৰিছিল৷ মঙলবাৰে পাৰ্লিয়ামেণ্ট লাইব্ৰেৰীত সৰ্বদলীয় বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত অনুষ্ঠিত হয়৷ সৰ্বদলীয় বৈঠকত দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছকে ধৰি আটাইকেইটা দলে উপস্থিত থাকে৷ বৰ্ষাকালীন অধিবেশন উত্তপ্ত হ’ব বুলি আশংকা কৰি থকাৰ সময়তে সকলো দলেই অধিবেশনত সহায় কৰাৰ কথা প্ৰকাশ কৰে৷
বাজেট অধিবেশনৰ দৰে যাতে বৰ্ষাকালীন অধিবেশন অচল নহয় তাৰ বাবে চৰকাৰে সকলো প্ৰকাৰৰ চেষ্টাও কৰি গৈছে৷ কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰে সৰ্বদলীয় বৈঠক ইতিবাচক হৈছে বুলি কৈ দুয়োখন সদন সুচাৰুৰূপে চলিব দিব বুলি স্পষ্ট কৰিছিল যদিও বৰ্ষাকালীন অধিবেশনৰ প্ৰথমটো দিনেই উত্তপ্ত হৈ পৰে দুয়োখন সদন৷ অন্ধ্ৰপ্ৰদেশৰ দুয়ো দল ৱাইএছআৰ কংগ্ৰেছ আৰু টিডিপিয়ে দুয়োখন সদনত অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদানৰ দাবীত তীব্ৰ হৈ হাল্লা কৰাত দুয়ো সদন স্থগিত কৰিব লগা হয়৷