মৰিগাঁওঃ ভাৰতক বিকাশিত আৰু সুৰক্ষিতৰ লগতে আগবাঢ়াই নিবলৈ বিজেপিক অধিক শক্তিশালী কৰি তুলিবই লাগিব। এই আহ্বান বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ।
মৰিগাঁৱৰ আহতগুৰিত নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰি কয় ৰাহুল গান্ধীৰ মিত্ৰজোঁটত কোনো নেতাৰ নীতি নাই। কংগ্ৰেছক যদি চৰকাৰ গঠন কৰিবলৈ ৰাইজে ক্ষমতা দিয়ে তেতিয়া হ’লে কোন প্ৰধানমন্ত্ৰী হ’ব তাৰ কোনো উত্তৰ নাই। কংগ্ৰেছে অসমৰ বাবে বিগত ৭০ বছৰত কি কৰিলে? ৭০ বছৰত কংগ্ৰেছে ব্ৰহ্মপুত্ৰৰ ওপৰত ৩ খন দলং নিৰ্মাণ কৰিলে। কিন্তু বিজেপিয়ে ৫ বছৰত ৫ খন দলং নিৰ্মাণৰ সিদ্ধান্ত লৈছে।