মৰিগাঁওঃ ভাৰতক বিকাশিত আৰু সুৰক্ষিতৰ লগতে আগবাঢ়াই নিবলৈ বিজেপিক অধিক শক্তিশালী কৰি তুলিবই লাগিব। এই আহ্বান বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ।

মৰিগাঁৱৰ আহতগুৰিত নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰি কয় ৰাহুল গান্ধীৰ মিত্ৰজোঁটত কোনো নেতাৰ নীতি নাই। কংগ্ৰেছক যদি চৰকাৰ গঠন কৰিবলৈ ৰাইজে ক্ষমতা দিয়ে তেতিয়া হ’লে কোন প্ৰধানমন্ত্ৰী হ’ব তাৰ কোনো উত্তৰ নাই। কংগ্ৰেছে অসমৰ বাবে বিগত ৭০ বছৰত কি কৰিলে? ৭০ বছৰত কংগ্ৰেছে ব্ৰহ্মপুত্ৰৰ ওপৰত ৩ খন দলং নিৰ্মাণ কৰিলে। কিন্তু বিজেপিয়ে ৫ বছৰত ৫ খন দলং নিৰ্মাণৰ সিদ্ধান্ত লৈছে। 

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমৰ প্ৰতি বহু মৰম থকা বুলি উল্লেখ কৰি কয় সেই বাবে অসমৰ ভাষা, সংস্কৃতি, সাহিত্য আদি সংৰক্ষণৰ   বাবে নৰেন্দ্ৰ মোডী চৰকাৰে নৱজীৱন প্ৰদান কৰিছে। খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে পঞ্চায়ত, বিধান সভা সমষ্টিৰ আদিত সংৰক্ষণৰে খিলঞ্জীয়াসকলক সুৰক্ষা প্ৰদান কৰিবলৈ বিছাৰিছে। 

তদুপৰি উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন তথা বিকাশৰ বাবে বিজেপিয়ে বহু কাম কৰাৰ লগতে অসমৰ বাবেও বহু কাম কৰিছে। কংগ্ৰেছে বিগত দিনত কৰি অহা ৰাজনীতিক মষিমূৰ কৰিবলৈ বিজেপিয়ে এনআৰচিৰ উন্নীতকৰণৰ কাম আৰম্ভ কৰিছে। যিটোৱে খিলঞ্জীয়া লোকক সুৰক্ষিত কৰি তুলিব। সেয়ে ভাৰতক আগবাঢ়াই নিবলৈ বিজেপিক আৰু ৫ বছৰ সময় দিবলৈ আাহ্বান জনায়। 

ইফালে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালেও কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰি কয় ভাৰতক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সবল নেতৃত্ব দিছে। পুলৱামা কাণ্ডৰ পাছত মোদীয়ে পাকিস্তানৰ জেহাদীৰ ঘাটিত আক্ৰমণ কৰাই ভাৰতক বিশ্বৰ দৰবাৰত সাহসী আৰু শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিচয় কৰাই দিলে। পাকিস্তানৰপৰা কাছব সাগৰেৰে আহি মুম্বাইত ধাৰাসাৰে গুলীবৰ্ষণ কৰাৰ লগতে তাজ হোটেলত আক্ৰমণ কৰিছিল। ভাৰতীয় বুকুত প্ৰতিশোধৰ অগনি জ্বলিছিল। শাসনত কংগ্ৰেছ আছিল। ভাৰতৰ ভূমিত থকা পাকিস্তানী চোৰাংচোৱাক সন্তুষ্ট কৰিবলৈ কংগ্ৰেছ চৰকাৰে কোনো প্ৰতিশোধ লোৱা নাছিল। কিন্তু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতীয় বেদনাক উপলব্ধি কৰে। সেয়ে শত্ৰুক ধাৰাশাৰী কৰিলে। কংগ্ৰেছক সমালোচনা কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় কংগ্ৰেছৰ বৰ্তমান কোনো ভেটি নাই। নাই কোনো নীতি। কংগ্ৰেছ মানেই কেৱল দুৰ্নীতি, ভ্ৰষ্টাচাৰ। গতিকে এনে দলক পুনৰ ভোট দিবলৈ হ’লে দেশৰ অস্তিত্ব বিপন্ন হ’ব।

প্ৰকৃতাৰ্থত বিজেপিয়েহে সুশাসন দিব পাৰিব। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দেশত এতিয়া উন্নয়নৰ ধ্বজা উৰিছে। সেয়ে আগন্তক লোকসভা নিৰ্বাচনত নগাওঁ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰূপক শৰ্মাক ভোট দি জয়যুক্ত কৰি নৰেন্দ্ৰ মোডীৰ হাত শক্তিশালী কৰিবলৈ সভাত উপস্থিত ৰাইজক আহ্বান জনায়। সভাত অসম চৰকাৰৰ বিত্ত আৰু স্বাস্থ্য মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰে’ল ৰাজ্যিক মন্ত্রী ৰাজেন গোহাঁই, সাংসদ ৰমেন ডেকা, বিজয়া চক্ৰৱৰ্তী, বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মা, মন্ত্ৰী পিযুষ হাজৰিকা, বিধায়ক ৰমাকান্ত দেউৰী আদি কৰি বিজেপিৰ নেতা সকলে অংশগ্ৰহণ কৰে।