77
মৰিগাঁওঃ আগন্তক লোকসভা নিৰ্বাচনক কেন্দ্র কৰি নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁৱতো নিৰ্বাচনী গৰম বতাহ বলিছে।
শাসক-বিৰোধী উভয়ে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰাৰ সময়তে মঙলবাৰে বিজেপিৰ মিত্ৰ দল জাতীয় ঐক্য মঞ্চৰ নিৰ্বাচনী প্ৰচাৰ চলাই ফুৰা এখন গাড়ী ফ্লায়িং স্কোৱাডে জব্দ কৰা ঘটনাই ৰাজনৈতিক মহলত চাঞ্চল্য সৃষ্টি কৰে।