76
ডিজিটেল ডেস্কঃ সুদীৰ্ঘ তিনি বছৰৰ অন্তত আইছিছৰ কবলৰ পৰা মুক্ত হ’ল ইৰাকৰ প্ৰাচীন চহৰ মছুল ৷ আজি ইৰাকৰ প্ৰধানমন্ত্ৰী হায়দাৰ-আল-আবাদীয়ে এই কথা ঘোষণা কৰে৷
সুদীৰ্ঘ ৯ মাহ ধৰি ইৰাকী সেনা আৰু আইছিছৰ মাজত চলি থকা যুদ্ধৰ অন্ত পৰিল৷ যুদ্ধৰ ফলত ধ্বংসস্তুপলৈ পৰিণত হোৱা মছুল চহৰ অৱশেষত মুক্ত হ’ল ইছলামিক ৰাষ্ট্ৰৰ নৃশংসতাৰ পৰা৷