newsnextone.com | ডিজিটেল ডেস্কঃ ফেচবুক, ইণ্টাৰনেটৰ যুগত পৃথিৱীৰ সকলো খবৰেই যে নিজৰ মোবাইলটোতে লাভ কৰিব পাৰি, সেয়া নিশ্চয় সকলোৱে জানে৷ কিন্তু নিজ কন্যাৰ মৃত্যুৰ বাতৰিও যে ফেচবুকৰ জৰিয়তেই লাভ কৰিব লাগিব সেয়া এগৰাকী মাতৃৰ চিন্তাৰ বাহিৰৰ কথা৷
স্কটলেণ্ডৰ এগৰাকী মহিলাই নিজৰ ৬ বছৰীয়া কন্যা সন্তানৰ মৃত্যুৰ বাতৰি ফেচবুকৰ জৰিয়তেই লাভ কৰি জৰ্জিনা লোচৰেন নামৰ ২৩ বৰ্ষীয় মহিলাগৰাকীয়ে৷ জানিব পৰা মতে, সোমবাৰে পুৱা প্ৰায় ৭ বজাৰ পৰা নিখোজ হৈ আছিল জৰ্জিনাৰ ৬ বছৰীয়া কন্যা আলেছ্যা মেকফেল৷ মাতৃয়ে নিজ সন্তানৰ বিচাৰ খোচাৰ কৰিও একো সম্ভেদ উলিয়াব নোৱাৰাত শেষত ফেচবুকত কন্যা নিখোজ হোৱা সন্দৰ্ভত আপডেট দিয়ে৷