প্ৰতিকী ফটো
প্ৰতিকী ফটো

newsnextone.com | ডিজিটেল ডেস্কঃ ফেচবুক, ইণ্টাৰনেটৰ যুগত পৃথিৱীৰ সকলো খবৰেই যে নিজৰ মোবাইলটোতে লাভ কৰিব পাৰি, সেয়া নিশ্চয় সকলোৱে জানে৷ কিন্তু নিজ কন্যাৰ মৃত্যুৰ বাতৰিও যে ফেচবুকৰ জৰিয়তেই লাভ কৰিব লাগিব সেয়া এগৰাকী মাতৃৰ চিন্তাৰ বাহিৰৰ কথা৷

স্কটলেণ্ডৰ এগৰাকী মহিলাই নিজৰ ৬ বছৰীয়া কন্যা সন্তানৰ মৃত্যুৰ বাতৰি ফেচবুকৰ জৰিয়তেই লাভ কৰি জৰ্জিনা লোচৰেন নামৰ ২৩ বৰ্ষীয় মহিলাগৰাকীয়ে৷ জানিব পৰা মতে, সোমবাৰে পুৱা প্ৰায় ৭ বজাৰ পৰা নিখোজ হৈ আছিল জৰ্জিনাৰ ৬ বছৰীয়া কন্যা আলেছ্যা মেকফেল৷ মাতৃয়ে নিজ সন্তানৰ বিচাৰ খোচাৰ কৰিও একো সম্ভেদ উলিয়াব নোৱাৰাত শেষত ফেচবুকত কন্যা নিখোজ হোৱা সন্দৰ্ভত আপডেট দিয়ে৷

দুপৰীয়া জৰ্জিনাই নিজৰ ফেচবুক একাউন্ট খুলিয়েই স্তম্ভিত হৈ পৰে৷ স্কটলেণ্ডৰ পথৰ দাঁতিত উদ্ধাৰ হোৱা এটি কণমানিৰ ফটো ফেচবুকত কোনোবাই পোষ্ট কৰিছে৷ ফটোখন যে তেওঁৰ নিখোজ হৈ থকা কন্যা আলেছ্যাৰ, সেয়া তেওঁ দেখিয়ে নিশ্চিত হ’ল৷

আৰক্ষীয়ে জনোৱা মতে, স্কটলেণ্ডৰ এখন হোটেলৰ সমীপৰ পৰিত্যক্ত অঞ্চলত উদ্ধাৰ হয় কন্যা শিশুটিৰ মৃতদেহ৷ শিশুটিৰ পৰিচয় জানিবলৈ পিছত আৰক্ষীয়ে শিশুটিৰ ফটো ফেচবুক যোগে প্ৰচাৰ কৰে৷ আৰু তেনেদৰেই আৰক্ষীয়ে শিশুটিৰ মাতৃ জৰ্জিনাক বিচাৰি উলিয়াবলৈ সক্ষম হয়৷