newsnextone.com | নগাঁওঃ সোমবাৰে দিনৰ ১ মান বজাত নগাঁও জিলাৰ ধিং সমষ্টিৰ অন্তৰ্গত জেঙনী কলাডুবা গাঁও পঞ্চায়তৰ চুইচ গেইটত সাংসদ পুঁজিৰ  অধীনত জেঙনী কলাডুবা, জাৰামাৰী লাংগীয়া, বৰালীমাৰী ফুৰহানীআটী গাঁও পঞ্চায়তৰ ৰাইজৰ সুবিধাৰ্থে তিনিখন নাও চলাচলৰ শুভাৰম্ভ কৰে কলিয়াবৰ লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে৷ 

তিনিখন নাও চলাচলৰ শুভাৰম্ভ কৰি তেও কয় যে এন আৰ চিক লৈ কোনো ভাৰতীয় নাগৰিক শংকিত হোৱাৰ কাৰণ নাই।যদিহে কোনো ভাৰতীয় নাগৰিকৰ নাম এন আৰ চিৰ খচৰাৰ পৰা বাদ পৰে সেয়া লৈ চিন্তাৰ কোনো কাৰণ নাই। কংগ্ৰেছ দলে দুখীয়া ৰাইজৰ সুবিধাৰ্থে প্ৰতিখন পঞ্চায়ততে একোখন কৈ সেৱা কেন্দ্ৰৰ স্থাপন কৰি এন আৰ চিৰ পৰা বাদ পৰা প্ৰকৃত ভাৰতীয় নাগৰিকৰ সহায় কৰি যাব।

কংগ্ৰেছ দল ধৰ্ম নিৰপেক্ষ দল। কংগ্ৰেছ দলে কোনো নিৰ্দিষ্ট শ্ৰেণী বা জাতিক লৈ ৰাজনীতি নকৰে৷ জুৰীয়া ব্লক কংগ্ৰেছৰ উপ-সভাপতি আব্দুল কাদিৰ জিলানীৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাত সাংসদগৰাকীয়ে আৰু কয় যে ৰাইজ কংগ্ৰেছৰ পতাকাৰ তলত শান্তি পাব। কংগ্ৰেছ এনে এটা দল যত সাম্প্ৰদায়িকতাৰ কোনো স্থান নাই। 

এ জি পি,  বি জে পি আৰু এ আই ইউ ডি এফক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে এ আই ইউ ডি এফ বিজেপি চৰকাৰৰ অতি গোপন বন্ধু৷ গ্ৰাম্য সমাজ ব্যৱস্থাৰ উন্নতিৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰ বিফল হৈছে। বৰ্তমান চৰকাৰে বানপানী, গৰাখহনীয়া, উন্নয়নৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হৈছে। 

বিজেপি দলৰ নেতাসকলে কেৱল ডাঙৰ ডাঙৰ সভা-সমিতি পাতিয়েই উন্নয়নৰ ফটা ঢোল কোবাই আহিছে যদিও বাস্তৱত দুখীয়া ৰাইজৰ বাবে একো কৰা নাই, বিজেপি চৰকাৰ কেৱল ধনী মানুহৰ চৰকাৰ বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য দাঙি ধৰে। যুৱ নেতা নবী হুছেইনে উদ্দেশ্য ব্যখ্যা কৰা সভাত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সম্পাদক তথা ধিং সমষ্টিৰ নেতা আনোৱাৰ হুছেইন আৰু নগাঁও জিলা পৰিষদৰ সভাপতি হাইদৰ আলীও ভাষণ প্ৰদান কৰে। 

সভাখনত ধিং-বটদ্ৰৱা সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি শ্বামিম আহমেদ, ছফিউল আলম, যুৱ কংগ্ৰেছৰ নগাঁও জিলাৰ সাধাৰণ সম্পাদক  আফজালুৰ ৰহমান, শ্বৰীফ উদ্দিন, ইমামুল ইছলাম, জিয়াউল ইছলাম সদাগৰকে প্ৰমুখ্যে কৰি বিভিন্ন পঞ্চায়তৰ মণ্ডলৰ বিষয়-ববীয়াৰ লগতে অঞ্চলটোৰ প্ৰায় পাঁচ শতাধিক ৰাইজ উপস্থিত থাকে। ইপিনে হজৰত মৌ- আহমদ আলী(ৰঃ) হাফিজীয়া মাদ্ৰাছাৰ শ্ৰেণী কোঠালি নিৰ্মাণৰ বাবে সাংসদ পুঁজিৰ আধীনত আধাৰশিলা স্থাপন কৰে৷