ডিজিটেল ডেস্কঃ কৃষকৰ উৎপাদিত শস্যৰ দুগুণ দাম দিয়াৰ পৰা আৰম্ভ কৰি বছৰটোৰ বাৰমাহে জলসিঞ্চনৰ ব্যৱস্থা কৰি দিম বুলি নাগৰিকক প্ৰতিশ্ৰুতি দি শাসনলৈ অহা মধ্যপ্ৰদেশৰ চৰকাৰখনৰ শাসনকালতে কৃষকৰ আত্মহত্যাৰ ঘটনা ২১ শতাংশ বৃদ্ধি পোৱাৰ চাঞ্চল্যকৰ তথ্য লোকসভাৰ মজিয়াত প্ৰকাশ পোৱাৰ সময়তে এক টুলুঙা মন্তব্যই সৃষ্টি কৰিছে অইন এক চাঞ্চল্য।
কৃষকক আত্মহত্যাৰ দৰে স্পৰ্শকাতৰ বিষয় এটাক লৈ টুলুঙা মন্তব্য দি চৰ্চালৈ আহিছে ৰাজ্যখনৰ কৃষিমন্ত্ৰী বালকৃষ্ণ পাতিদাৰ। ‘আত্মহত্যা কোনেনো নকৰে? ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি আৰক্ষী পৰ্যন্ত আত্মহত্যাৰ দৰে চৰম সিদ্ধান্তত উপনীত হয়। সমগ্ৰ বিশ্বই এই সমস্যাৰ সৈতে যুঁজি আছে। কৃষকৰ মাজতে এয়া সীমাবদ্ধ নহয়।’ এই মন্তব্য কৃষিমন্ত্ৰী বালকৃষ্ণৰ।