ডিজিটেল ডেস্কঃ বলাৎকাৰৰ দৰে জঘন্য অপৰাধ সংঘটিত কৰাসকলক গুলিয়াই মাৰি পেলোৱাটোৱেই উত্তম শাস্তি৷ এই মন্তব্য কৰিছে তেজপুৰৰ বিজেপি সাংসদ আৰ পি শৰ্মাই৷
#Rapists must be shot dead in public: #BJP MP
— ANI Digital (@ani_digital) March 29, 2018
Read @ANI Story | https://t.co/ggRnqZBONp pic.twitter.com/FNLQaxTlIy
ক্ৰমবৰ্ধমানৰূপত বাঢ়ি অহা এনে ঘটনাক বাধা দিবৰ বাবে চৰকাৰ, প্ৰশাসন তথা জনতাই কোনো ধৰণৰ ইতিবাচক ব্যৱস্থা ল’বলৈ বৰ্তমানেও সক্ষম হোৱা নাই৷ ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী তোলাৰ পৰিৱৰ্তে সাংসদ আৰ পি শৰ্মাই ধৰ্ষণকাৰীৰ বিৰুদ্ধে দিছে এই শাস্তিৰ উপায়৷
শৰ্মাই লগতে কয়, যি সকল লোকে মহিলাক সন্মান কৰিবলৈ নাজানে, সেই পুৰুষক গুলিয়াই মাৰিব লাগে৷ শেহতীয়াকৈ ৰাজ্যখনত সংঘটিত হৈ অহা ধৰ্ষণ তথা হত্যাৰ ঘটনাই জোকাৰণিৰ সৃষ্টি কৰি অহাৰ সময়তে মন্তব্য কৰিছে আৰ পি শৰ্মাই৷
দেশত এটাৰ পিছত এটাকৈ ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত নাৰীৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ওপৰত প্ৰশ্নৰ উদয় হৈছে নাৰী এতিয়া সমাজত কিমান সুৰক্ষিত? এতিয়া সমাজখনত আমাৰ মাতৃ, ভগ্নী সুৰক্ষিত নহয় বুলি অভিযোগ উত্থাপন হ’বলৈ ধৰিছে৷
মুঠৰ ওপৰত এতিয়া নাৰী এতিয়া ক’তো সুৰক্ষিত নহয়৷ ঘৰৰ পৰা ওলালেই নাৰী পদে পদে যৌন নিৰ্যাতনৰ সন্মুখীন হোৱাৰ আশংকাত সময় পাৰ কৰে৷ সেয়া বাছ, ৰেল, স্কুল, কলেজ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় য’তেই নহওক কিয়৷ নাৰী এতিয়া পদে পদে লাঞ্চিত হ’ব লগা হৈছে৷ বলাৎকাৰ, হত্যাৰ দৰে জঘন্য কাণ্ডবোৰৰ বাবে
দেশত কঠোৰ আইন ব্যৱস্থা আছে যদিও এই ঘটনাবোৰ দিনে দিনে বাঢ়িহে আহিবলৈ ধৰিছে৷
উল্লেখ্য যে, ৰাজ্যত ২০১৬ চনৰ পৰা বৰ্তমানলৈকে ৩০০৯টা ধৰ্ষণৰ গোচৰ আৰু ১৭১০৬টা নাৰী নিৰ্যাতনৰ গোচৰ ৰুজু হৈছে। নেচনেল ক্ৰাইম ৰেকৰ্ড বুৰ'ৰ তথ্য অনুসৰি ২০১৬ চনত নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসমৰ স্থান আছিল দ্বিতীয়। নাৰীজনিত অপৰাধৰ ক্ষেত্ৰত ভাৰতৰ ৰাষ্ট্ৰীয় গড় ৫৩.৬% ৰ বিপৰীতে অসমৰ গড় হৈছে ১৩১.৩%৷