newsnextone.com | ডিজিটেল ডেস্কঃ মাৰ্কিন সেনাৰ ড্ৰোণ আক্ৰমণত পাকিস্তানী তালিবান নেতা ফজলুল্লাহ নামৰ সন্ত্ৰাসবাদীজন নিহত হোৱাৰ বাতৰি প্ৰকাশ হৈছে৷ আমেৰিকা চৰকাৰ দ্বাৰা অনুমোদিত ভইচ অৱ আমেৰিকা নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে শুকুৰবাৰে এই কথা নিশ্চিত কৰে৷ উল্লেখ্য যে, ফজলুল্লাহে মালালা ইউচুফজাইক এবাৰ হত্যাৰ চেষ্টা জলাইছিল বুলি জানিব পৰা যায়৷
মাৰ্কিন সেনাৰ ড্ৰোণ আক্ৰমণত নিহত অজ্ঞাত পৰিচিত ব্যক্তি এগৰাকীৰ বিষয়ে উল্লেখ কৰি এগৰাকী মাৰ্কিন সেনা বিষয়াই কয় যে বুধবাৰে নিশা ফজলুল্লাহক টাৰ্গেট কৰি আক্ৰমণ চলোৱা হয়৷ মাৰ্কিন সেনা বিষয়াগৰাকীয়ে জনোৱা মতে, তেহৰিক-ই-তালিবান পাকিস্তানৰ প্ৰধান ফজলুল্লাহ ‘মুল্লাহ ৰেডিঅ’’ নামেৰেও পৰিচিত৷