গুৱাহাটীঃ দীৰ্ঘদিন ধৰি গুহাহাটী মেডিকেল কলেজ হস্পিতালৰ চৌপাশ কদৰ্য্যময় তথা অস্বাস্থ্যকৰ হৈ থকাৰ পিছত অৱশেষত চকু পৰিল প্ৰশাসনৰ। আজি পৌৰ নিগমৰ তৰফৰ পৰা অঞ্চলটোত চলোৱা হয় বিশেষ চাফাই অভিযান।

পৰিস্কাৰ-পৰিচ্ছন্নতাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি সৌন্দৰ্য্য বৰ্ধনৰ উদ্দেশ্যে গ্ৰহণ কৰা হয় এই কাৰ্য্যসূচী। জি এম চি এইচৰ সম্মুখত থকা দোকান-পোহাৰসমুহ স্থানান্তৰ কৰি সেই ঠাইত গছ-পুলি ৰোপন কৰা হয়।

গুৱাহাটী পৌৰ নিগমে গ্ৰহণ কৰা এই কাৰ্য্যসূচীত চিকিৎসক-কৰ্মী সকলোৱে আনন্দ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে।