মোৰাঝাৰঃ নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত যমুনামুখ সমষ্টিৰ মোৰাঝাৰৰ ৰহমতনগৰত শুকুৰবাৰে কংগ্ৰেছৰ নিৰ্বাচনী সভা হৈ যায়৷ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদুৎ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়৷
বিয়লি ৪ বজাত চৌধুৰী বজাৰ জিলা পৰিষদৰ সদস্য কামাল ফাৰুকীকৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিন্নাকান্দি ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক নাসিৰ উদ্দিন ফাৰুকী, হোজাই জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰোহিনা ওৱাৰিচ, হোজাই জিলা যুৱ কংগ্ৰেছৰ সভাপতি আজহাৰুল ইছলাম, সাধাৰণ সম্পাদক স্বাকিলুজ জামান, জয়নগৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আইনুল হক উপস্থিত থাকি ৰাইজৰ মাজত প্ৰচাৰ চলায়৷