মোৰাঝাৰঃ মোদীৰাজ শেষ হ’ব, কংগ্ৰেছে জাতি-জনগোষ্ঠীক এক কৰে, বিজেপিয়ে ভাঙে, মই জনতাৰ কণ্ঠস্তৰ হ’ব খুজোঁ, জনতাৰ সঁহাৰি দেখি অভিভূত হৈছোঁ। এনেদৰে যমুনামুখ সমষ্টিৰ মোৰাঝাৰত এক নিৰ্বাচনী সভাত নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদুৎ বৰদলৈ কয়|
নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত যমুনামুখ সমষ্টিত শনিবাৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলায়| কংগ্ৰেছ প্ৰাৰ্থী প্ৰদুৎ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বিন্নাকান্দি ব্লক কংগ্ৰেছৰ সভাপতি ৰেহান উদ্দিন, হোজাই জিলা পৰিষদৰ সভানেএী ৰেজিয়া চুলতানা, নীলবাগান জিলা পৰিষদৰ সদস্য নেৱাজ আহমেদ, বিন্নাকান্দি ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক নাসিৰ উদ্দিন ফাৰুকী, হোজাই জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰোহিনা ওৱাৰিচ উপস্থিত থাকি ৰাইজৰ মাজত প্ৰচাৰ চলায়|