মিছামাৰীঃ শোণিতপুৰৰ মিছামাৰী আৰক্ষী থানৰ অন্তৰ্গত আৰু চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ বেদখলি গাঁও ঔবাৰীত যোৱাকালি সন্ধিয়া এক হত্যাকাণ্ড সংঘটিত হয়। ঘটনাৰ বিৱৰণী অনুসৰি গাওঁ খনত দেওবাৰে ৰাইজৰ বছেৰেকীয়া ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল।
মঙলবাৰে উক্ত পূজাৰ হিচাপ-নিকাচ পুৱাৰ ভাগৰ পৰা আবেলিলৈকে চলে আৰু সকলো ঘৰলৈ উভতি যায়। কিন্ত আবেলি চাৰি মান বজাত ৰাইজৰ লগতে ঘৰলৈ ঘুৰি যোৱ প্ৰেম উৰাং (৩৮) ক নিজা ঘৰৰ চোতালত তেজেৰে লুতুৰি-পুতুৰি হৈ থকা নিথৰ অৱস্থাত পৰি থকা একাংশ লোকে প্ৰত্যক্ষ কৰে।
ইয়াৰ পাছতে প্ৰেম উৰাঙৰ ঘৰৰ চোতালত লোকে লোকাৰণ্য হৈ পৰে। পাছত ঘটনাস্থলিৰ পৰাই আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে প্ৰেম উৰাঙৰ মৃতদেহ ঘটনাস্থলিৰ পৰা উদ্ধাৰ কৰাৰ উপৰি কাৰ্তিক উৰাং আৰু চনিয়া তিগা নামৰ দুজন লোকক উক্ত ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰি থানালৈ লৈ যায়।
উল্লেখ্য যে চোকা দাৰে আততায়ীয়ে প্ৰেম উৰাঙক মূৰ আৰু ডিঙিত আক্ৰমণ চলাইছিল৷ উক্ত ঘটনাৰ লগত কোন জড়িত সেয়া পোহৰলৈ নাহিলেও আটকাধীন দুজনৰ মাজতে হত্যাকাৰি থকা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। বিভিন্ন সামাজিক কামত জড়িত লোকজনে পত্নী আৰু পাঁচ গৰাকীকৈ পুত্ৰ-কন্যা ইহসংসাৰত এৰি থৈ গৈছে।