প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

গুৱাহাটীঃ ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ কুমাৰ ডেকা আৰু বৰগাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আব্দুল মতলিব চৌধুৰীক গ্ৰেপ্তাৰ কৰাৰ পিছতে পুনৰ চৰ্চা আৰম্ভ হৈছে যোগদল হত্যাকাণ্ডক লৈ। যোগদল হত্যাকাণ্ডৰ তথ্য নষ্ট কৰাৰ অভিযোগত আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰে চিআইডিয়ে। যোগদল হত্যাকাণ্ডৰ সংঘটিত হোৱাৰ সময়ত সোণাপুৰত আছিল আৰক্ষী বিষয়া প্ৰণৱ ডেকা আৰু আব্দুল মতলিব চৌধুৰী৷

হত্যাকাণ্ড সংঘটিত হোৱা ঘৰ জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছিল সেই সময়তে৷ ২০০৯ চনৰ ১৩ ডিচেম্বৰত সংঘটিত এই ঘটনাৰ সৈতে অকণ বৰা জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল৷ বৃহস্পতিবাৰে পুনৰ অকণ বৰাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিলে দিছপুৰৰ বিধায়ক অতুল বৰাই৷ অতুল বৰাই অকণ বৰাৰ প্ৰৰোচনাতে যোগদল হত্যাকাণ্ড সংঘটিত হোৱা বুলি কয়৷

ফাইভ ষ্টাৰ হোটেলৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি কয়৷ দিছপুৰৰ বিধায়ক অতুল বৰাৰ এই বিস্ফোৰক মন্তব্য আগবঢ়ায়। বিধায়কজনৰ মতে, আৰক্ষী বিষয়াৰ গ্ৰেপ্তাৰে যোগদল হত্যাকাণ্ডৰ তদন্তত গতি প্ৰদান কৰিব। আৰু ধনীৰাম বৰুৱাৰ হস্পিতাল আঁতৰাবলৈ অকণ বৰাই ষড়যন্ত্ৰ ৰচনা কৰিছিল৷ অকণ বৰাক জেৰা কৰাৰ দাবী জনাই বিধায়কজনে৷

অৰ্জুন বৰদলৈকো অকণ বৰাই হত্যা কৰিছিল বুলি উল্লেখ কৰে৷ আনহাতে দুলাল বৰাক এই হত্যাকাণ্ডৰ ৰাজসাক্ষী হ’বলৈ আহ্বান জনায় অতুল বৰাই। সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য প্ৰকাশ কৰে অতুলে। বুধবাৰে নিশা দুয়োগৰাকী আৰক্ষী বিষয়াক আটক কৰি এমএমচিত স্বাস্থ্য পৰীক্ষা কৰে৷ স্বাস্থ্য পৰীক্ষাৰ অন্তত দুয়োজনক পাণবজাৰ আৰক্ষী থানাত ৰখা হৈছে৷ চিআইডিয়ে জেৰা অব্যাহত ৰাখিছে৷