আশীৰ দশকৰ কথা। ভাৰতত তেতিয়া দূৰদৰ্শনৰ প্ৰভাৱ বৃদ্ধি পোৱা নাছিল। সাধাৰণ লোকৰ বাবে ৰেডিঅ’ই আছিল তেতিয়াৰ মূল মনোৰঞ্জনৰ আধাৰ। আৰ্থিকভাৱে কিছু স্বচ্ছলসকলৰ ঘৰত সেই সময়ত টেপ ৰেকৰ্ডাৰ। কেছেটৰ সেই যুগত ঘৰে ঘৰে কণ্ঠ প্ৰতিধ্বনিত হোৱা কণ্ঠশিল্পীসকলৰ ভিতৰত এগৰাকী আছিল পংকজ উধাছ। গজলক এক নতুন ৰূপ দি সাধাৰণ শ্ৰোতাৰ মাজত জনপ্ৰিয় কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল পংকজ উধাছে।
পংকজ উধাসৰ কণ্ঠ, গায়কী আৰু গজলৰ বাছনিয়ে গভীৰ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল শ্ৰোতা-দৰ্শকৰ মাজত। পূৰ্বেও বহু শিল্পীয়ে গজল পৰিৱেশন কৰিছিল। কিন্তু পংকজ উধাছ যেন আছিল অনন্য। আশীৰ দশকৰ সেই সময়ছোৱাত তেওঁ গজলক এনে এক পৰ্যায়ত উপনীত কৰাবলৈ সক্ষম হৈছিল, যাৰ পিছত সাধাৰণ মানুহৰ মুখে মুখেও প্ৰতিধ্বনিত হৈছিল গজলৰ সুৰ আৰু কথা।
১৯৭৭ চনত মুক্তি লাভ কৰিছিল জগজিত-চিত্ৰাৰ প্ৰথম এলবাম ‘দ্য আনফৰ্গেটেবলছ’। ধ্ৰুপদী গজলৰ গায়ন-বায়নৰ বিপৰীতে এক নতুন ধাৰাৰ আৰম্ভ হৈছিল তাৰ কিছু বছৰ পিছতে। গজল সম্ৰাট জগজিত সিং আৰু ভূপিন্দৰ সিঙে গজল গায়নত গীটাৰ, কীবৰ্ড আৰু আধুনিক বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি উৰ্দু কবিতাৰ গায়কীক এক নতুন ৰূপ প্ৰদান কৰিছিল। গজলৰ এই নতুন ৰূপে সমাদৰ লাভ কৰিছিল সংগীত প্ৰেমীৰ পৰাও। মূল সুঁতিৰ সংগীতত ক্ৰমাগতভাৱে নিজৰ ভেটি সুদৃঢ় কৰিছিল গজলেও। আৰু তেনে এটা সময়তে গজলৰ উৰ্বৰ জগতখনত খোজ পেলায় পংকজ উধাছে।
১৯৮০ চনত মুক্তিলাভ কৰিছিল পংকজ উধাসৰ প্ৰথমখন একক গজল এলবাম ‘আহত’। সংগীতপ্ৰেমীৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিছিল এই এলবামৰ গীতে। এলবামখনৰ এটা গজল ‘শ্বায়েৰ থে নামবৰ/ অব তোহ ইনচান চে ইনচান বনায়া জায়ে’ গীতটোৱে আশীৰ দশকত সংগীতপ্ৰেমীৰ বুকুত বিশেষ সাঁচ বহুৱাবলৈ সক্ষম হৈছিল। আৰু সেয়াই আছিল পংকজ উধাসৰো সফলতাৰ প্ৰথমটো পদক্ষেপ। ইয়াৰ পিছতে একেৰাহে ৪০টা বছৰ সংগীতৰ জগতখনৰ সৈতে জড়িত হৈ থাকি ৬০টাৰো অধিক একক এলবামৰ লগতে অনেক গীত পৰিৱেশন কৰে।
পংকজ উধাসৰ সাংগীতিক যাত্ৰা
১৯৫১ চনৰ ১৭ মে’ত গুজৰাটৰ জেটপুৰত জন্মগ্ৰহণ কৰা পংকজ উধাস আছিল তিনি ভাতৃৰ ভিতৰত আটাইতকৈ কনিষ্ঠ। মাতৃভাষা গুজৰাটী হোৱাৰ বাবে গজলৰ ক্ষেত্ৰখনত নিজকে প্ৰতিষ্ঠা কৰাটো তেওঁৰ বাবে মুঠেও সহজ নাছিল। গজলৰ জগতখনত ভৰি দিয়াৰ পূৰ্বে তেওঁ উৰ্দু ভাষাৰ শিক্ষা গ্ৰহণ কৰি নিজকে প্ৰস্তুত কৰি তুলিছিল।
পংকজ উধাছৰ ককাক আছিল ভৱনগৰ ৰাজ্যৰ মহাৰাজৰ ডেপুটি দিৱান, আৰু পিতৃ আছিল চৰকাৰী চাকৰিয়াল। এবাৰ এক সাক্ষাত্কাৰত পংকজ উধাছে প্ৰকাশ কৰা মতে, তেওঁৰ সংগীতৰ যাত্ৰা আৰম্ভ হৈছিল শৈশৱৰ পৰাই। তেওঁৰ পিতৃ কেশুভাই উধাছে দিলৰুবা (এবিধ বাদ্যযন্ত্ৰ) বজাই ভাল পাইছিল। তেওঁ আব্দুল কৰিম খান চাহেবৰ পৰা এইবিধ বাদ্যযন্ত্ৰ বজোৱাৰ শিক্ষাও গ্ৰহণ কৰিছিল। অফিচৰ পৰা উভতি আহি প্ৰতিদিনে সন্ধিয়া দিলৰুবা বজাইছিল পিতৃয়ে। আৰু সন্ধিয়াৰ এই সময়ছোৱালৈ নিতৌ অধীৰ হৈ অপেক্ষা কৰিছিল পংকজ উধাছে।
পিতৃৰ পৰাই অনুপ্ৰাণিত হৈ পৰৱৰ্তী সময়ত পংকজ উধাছৰ দুই জ্যেষ্ঠ ভাতৃ মনহৰ উধাছ আৰু নিৰ্মল উধাছেও সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল। মনহৰ উধাছে সেই সময়ত হিন্দী ছবি জগতত খোজ পেলাই নেপথ্য কণ্ঠশিল্পী হিচাপে যথেষ্ট খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল। জ্যেষ্ঠ ভাতৃৰ পদাংক অনুসৰণ কৰি পংকজ উধাসেও শিক্ষা সাং কৰাৰ পিছত সংগীতৰ জগতখনত ভেটি গঢ়াৰ লক্ষ্যৰে মুম্বাইলৈ আহি ছেইণ্ট জেভিয়াৰত নামভৰ্তি কৰে।
পংকজ উধাছৰ সংগীতৰ যাত্ৰা আৰম্ভ হৈছিল হিন্দী ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপেই। ১৯৭২ চনত ঊষা খান্নাৰ সংগীত পৰিচালনাত ‘কামনা’ ছবিৰ বাবে প্ৰথম গীত গাইছিল পংকজ উধাছে। ইয়াৰ পিছতে তেওঁ আন কেইবাখনো ছবিৰ বাবে গীত গোৱাৰ সুযোগ লাভ কৰিছিল। বলিউডৰ লগতে ইণ্ডিয়ান পপ চিংগাৰ হিচাপেও সেই সময়ত জনপ্ৰিয় হৈ পৰিছিল উধাছ।
কিন্তু তেওঁৰ উদ্দেশ্য বলীউডৰ নেপথ্য গায়ক বা পপ গায়ক হোৱা নাছিল, তেওঁ বিচাৰিছিল গজল গাবলৈ। কিন্তু এয়া তেওঁ ভৱা ধৰণেই সহজ নাছিল। গুজৰাটৰ পৰা অহা যুৱকজনে গজল গোৱাৰ পূৰ্বে উৰ্দু ভাষা জনাটো আৰু ক’ব পৰাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছিল। যাৰ বাবে তেওঁ উৰ্দু শিক্ষাৰ লগতে সংগীতৰো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে। সমান্তৰালভাৱে মিৰ, গালিব, ওমৰ খায়্যামৰ কিতাপ পঢ়ি তেওঁ এক নিশ্চিত সংগীত যাত্ৰাৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিবলৈ আৰম্ভ কৰে।
১৯৮০ চনত পংকজ উধাছে মুকলি কৰে তেওঁৰ প্ৰথমখন গজলৰ এলবাম ‘আহত’। তেতিয়া জগজিত সিং আৰু অন্য কেইগৰাকীমান গজল শিল্পীয়ে ইতিমধ্যে গজলৰ গায়কীক জনপ্ৰিয় কৰি তুলিছিল। সেয়ে পংকজ উধাসৰ এলমাবখন মুক্তিলাভৰ লগে লগে সংগীতপ্ৰেমীৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়। তেওঁৰ কণ্ঠ আৰু গায়কীয়ে সমগ্ৰ দেশত লাখ লাখ অনুৰাগীৰ সৃষ্টি কৰে। এয়াই আছিল পংকজ উধাছৰ সাংগীতিক যাত্ৰা। ইয়াৰ পিছত নিৰৱচিন্নভাৱে ইটোৰ পিছত সিটো জনপ্ৰিয় গজলেৰে শ্ৰোতাক মোহাচন্ন কৰি ৰাখিবলৈ সক্ষম হয় পংকজ উধাছে।
পংকজ উধাছৰ গজলত মদিৰা
নিজৰ এলবামত গজলৰ বাছনিক লৈ পংকজ উধাছ আছিল অতি সজাগ। প্ৰতিটো গজলতে তেওঁ যেন সিঁচি দিছিল হৃদয়ৰ অনুভূতি। ১৯৮৬ চনত মুক্তিলাভ কৰা তেওঁৰ এলবাম “আফ্ৰিন”ত এফালে যদি প্ৰেম আৰু ভালপোৱাৰ হৃদয়স্পৰ্শী প্ৰকাশ আছিল, আনফালে আছিল বিষাদৰ অনুৰণনো। সেই এলবামৰ ‘জিছ দিন ছে জুডা ৱব হমছে হুৱে/ ইছ দিল নে ধড়কনা চোৰ দিয়া’ বা ‘হুই মেহংগী বহত হি চৰাব, কে থোড়ী থোড়ী পিয়া কৰো’ৰ দৰে গজলৰ সাধাৰণ লোকৰো মুখে মুখে শুনা গৈছিল।
কিন্তু আশীৰ দশকৰ সেই সোণালী সময়ছোৱাত অভিযোগো উত্থাপন হৈছিল যে পংকজ উধাছৰ গজলত মদিৰাই প্ৰাধান্য লাভ কৰে। কোৱা হৈছিল যে সুৰা অবিহনে পংকজ উধাছৰ গজলৰ আমেজ নাই। সেই সময়ত বিবাহ অনুষ্ঠান বা জন্মদিনৰ দৰে অনুষ্ঠানৰ লাউডস্পিকাৰত গজল বাজি থকা একমাত্ৰ শিল্পীগৰাকী আছিল পংকজ উধাছ।
অৱশ্যে পংকজ উধাছে এবাৰ সাক্ষাতকাৰত তেওঁৰ গজলত মদিৰাৰ পয়োভৰৰ অভিযোগক লৈ আপত্তি দৰ্শাইছিল। তেওঁ কৈছিল, ‘মই বহু গজল গাইছো। কিন্তু তাৰে কিছু সংখ্যকতহে মদিৰাৰ কথা উল্লেখ আছে। কিন্তু তাকে লৈ মোৰ সমগ্ৰ গজলতে মদিৰাৰ উল্লেখ আছে বুলি কোৱাটো ভুল।” তেওঁ লগতে কৈছিল, “ইয়াৰ আঁৰত মিউজিক কোম্পানীসমূহৰ ডাঙৰ ভূমিকা আছে। এই গজলবোৰ জনপ্ৰিয় হৈ পৰা দেখি ৰেকৰ্ড কোম্পানীবোৰে এই গজলবোৰ একেলগে সংগ্ৰহ কৰি এটা চতুৰ কাম কৰিলে আৰু মুকলি কৰিবলৈ ধৰিলে।”
প্ৰেয়সীৰ পৰা টকা ধাৰলৈ লৈ মুকলি কৰিছিল প্ৰথমটো এলবাম
এগৰাকী পাৰ্চী যুৱতীৰ সৈতে প্ৰেম বিবাহ কৰিছিল পংকজ উধাছে। প্ৰায় ১০ বছৰ পূৰ্বে এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমক দিয়া সাক্ষাত্কাৰত পংকজ উধাছে পত্নীৰ বিষয়ে কৈছিল, “তেওঁৰ মোৰ অন্যতম সমালোচক। তেওঁৰ দৰে এগৰাকী পত্নী লাভ কৰি সঁচাকৈয়ে মই ভাগ্যৱান অনুভৱ কৰো। মোৰ জীৱনৰ আটাইতকৈ কঠিন পৰিস্থিতিতো তেওঁ মোৰ ওপৰত বিশ্বাস কৰিবলৈ এৰা নাছিল। প্ৰতিটো মুহূৰ্তত তেওঁ মোৰ কাষত সাহস হৈ থিয় দি আহিছে।”
পংকজ উধাছৰ পত্নী ফৰিদা আছিল গুজৰাটৰ এটা জমিদাৰ পাৰ্চী পৰিয়ালৰ কন্যা। তেওঁৰ পিতৃ আছিল এগৰাকী আৰক্ষী বিষয়া। ১৯৭৯ চনত উধাসৰ চুবুৰীয়া এঘৰত প্ৰথম পৰিচয় হৈছিল ফৰিদাৰ সৈতে। পংকজ উধাছে কয়, “তেওঁক দেখিয়েই মই তেওঁৰ প্ৰেমত পৰিছিলো। তেওঁৰ মাত, তেওঁৰ আচৰণে মোক প্ৰভাৱিত কৰিছিল। প্ৰথম দেখাৰ পিছতেই মই ঠিৰাং কৰিছিলো এওঁকেই মোৰ জীৱন সংগিনী কৰিম।”
কিন্তু ভিন্ন ধৰ্মৰ ফৰিদাৰ সৈতে বিবাহত প্ৰথমাৱস্থাত হেঙাৰ হৈ থিয় দিছিল প্ৰেয়সীৰ পৰিয়াল। পৰিয়ালৰ লোক এই বিয়াৰ বাবে ৰাজী হোৱা নাছিল। কিন্তু ফৰিদা আৰু পংকজো দৃঢ় আছিল যে পৰিয়ালৰ আশীৰ্বাদ লৈহে তেওঁলোকে যুগ্ম জীৱন আৰম্ভ কৰিম। তেওঁলোকৰ এই ভালপোৱাই অৱশ্যে পিছত হৃদয় গলাইছিল দুয়োটা পৰিয়ালৰে। যাৰ পিছতে ১৯৮২ চনৰ ১১ ফেব্ৰুৱাৰীত বিবাহ পাশত আৱদ্ধ হয় পংকজ-ফৰিদা।
পংকজ উধাছে এক সাক্ষাতকাৰত কৈছিল যে ১৯৮০ চনত তেওঁ যেতিয়া তেওঁৰ প্ৰথমটো এলবাম নিৰ্মাণ কৰিছিল, সেই সময়ত তেওঁৰ কেইবাহাজাৰ টকাৰ নাটনি হৈছিল। ফৰিদা সেই সময়ত তেওঁৰ প্ৰেয়সী আছিল। পংকজ উধাছে কয়, “তেতিয়া মোৰ ওচৰত একেবাৰে টকা নাছিল। ফৰিদাৰ ওচৰতো নাছিল। কিন্তু পিছদিনা তেওঁ কাৰোবাৰ পৰা কেই হাজাৰমান টকা ধাৰলৈ আনি মোৰ হাতত দিছিল আৰু কৈছিল- তুমি এদিন সফল হ’বই লাগিব।”
পত্নী ফৰিদাই এবাৰ এক অনুষ্ঠানত স্বামীক লৈ কৈছিল, “তেওঁৰ ওপৰত সদায় মোৰ বিশ্বাস আছিল। মই জানিছিলো যে এদিন তেওঁ সফল হ’ব আৰু সুনাম অৰ্জন কৰিব। এগৰাকী প্ৰেয়সী আৰু পত্নী হিচাপে মই যিমানখিনি সম্ভৱ সদায় তেওঁক সমৰ্থন কৰিবলৈ চেষ্টা কৰো। মই বিচাৰো পংকজ অহা সাত জনমলৈ মোৰ স্বামী হওক। অতি কম সংখ্যক পুৰুষেহে নিজৰ জীৱনত নাৰীৰ অৱদানৰ কথা অকপটে স্বীকাৰ কৰিব পাৰে।”
বিদায়...
চাৰি দশকো অধিক সময়তো অজস্ৰ গজলেৰে সংগীতপ্ৰেমীক মন্ত্ৰমুগ্ধ কৰি ৰখা পংকজ উধাস আৰু নাই। ৭২ বছৰ বয়সত ২৬ ফেব্ৰুৱাৰীত তেওঁৰ বিয়োগৰ খবৰে সংগীতৰ জগতখনত যেন সৃষ্টি কৰিছে এক অপূৰণীয় শূণ্যতাৰ। তেওঁৰ অলেখ অনুৰাগী ব্যথিত হৈ পৰিছে এই খবৰত।
দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত সোমবাৰে মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে গজল শিল্পীগৰাকীয়ে। ৭২ বৰ্ষীয় প্ৰবীণ শিল্পীগৰাকীৰ বিয়োগৰ খবৰ নিশ্চিত কৰিছে তেওঁৰ পৰিয়ালে। পৰিয়ালৰ সূত্ৰই জানিবলৈ দিয়া মতে, যোৱা কেইমান আগতে কৰ্কট ৰোগ ধৰা পৰিছিল পংকজ উধাছৰ। ইয়াৰ পিছতে তেওঁক ব্ৰিচ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। তাতেই ২৬ ফেব্ৰুৱাৰী অৰ্থাৎ সোমবাৰে পুৱা ১১ বজাত শেষ নিশ্বাস ত্যাগ কৰে সংগীতৰ মহানায়কগৰাকীয়ে।
ইফালে ২৭ ফেব্ৰুৱাৰীত শেষ কৃত্য সম্পন্ন কৰা হয় গজল শিল্পীগৰাকীৰ। ইয়াৰ পূৰ্বে মুম্বাই আৰক্ষীয়ে ৰাজ্যিক সন্মানেৰে শেষ বিদায় জনায় পংকজ উধাছক। ইয়াৰ পিছতে মুম্বাইৰ হিন্দু শ্মসানত তেওঁৰ অন্তিম অনুষ্ঠান সম্পন্ন হয়। শিল্পীগৰাকীৰ বাসগৃহত অনুষ্ঠিত অনুষ্ঠানত বিদ্যা বালান, জাকিৰ হুছেইন, শংকৰ মহাদেৱন, সুনীল গাভাস্কাৰকে ধৰি সংগীত, ছবি আৰু ক্ৰীড়া উদ্যোগৰ কেইবাগৰাকীও ব্যক্তিয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে পংকজ উধাছক।