ৱাশ্চিংটনঃ জনসংখ্যাৰ ফালৰপৰা বিশ্বৰ সৰ্ববৃহৎ ধৰ্মৰ  স্থান দখল কৰিব ইছলাম ধৰ্মই। খ্ৰীষ্টানসকলৰ পিছতে থকা ইছলাম ধৰ্মৰ জনসংখ্যা সম্পৰ্কে এই তথ্য প্ৰকাশ কৰিছে আমেৰিকাৰ ইউ ৰিছাৰ্চ চেন্টাৰে।

সম্প্ৰতি যিটো হাৰত ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা বৃদ্ধি পাইছে, সেয়া অনুধাৱন কৰি সংস্থাটোৱে দাবী কৰিছে যে জনসংখ্যাৰ দিশত উক্ত ধৰ্মটোৱে বিশ্বত অভিলেখ স্থাপনৰ দিশে আগবাঢ়িছে। 

মুছলমান সম্প্ৰদায়ৰ ক্ষেত্ৰত ইউ ৰিছাৰ্চ চেন্টাৰে প্ৰকাশ কৰা কিছু বিশেষ তথ্যঃ

• ২০৭০ বৰ্ষলৈ ইছলাম ধৰ্মালম্বী লোকৰ সংখ্যা সকলোতকৈ বেছি হ'ব বুলি অনুমান কৰা হৈছে।  

• ২০১০ চনলৈ ইণ্ডোনেছিয়াই বিশ্বৰ আটাইতকৈ বেছি মুছলমান বসতিপ্ৰধান দেশ আছিল। 

• ২০৫০ বৰ্ষলৈ ইণ্ডোনেছিয়াক পিছ পেলাই আটাইতকৈ বেছি মুছলমান বসতিপ্ৰধান দেশ হ'ব ভাৰত।

• আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰত্যেক ৫০ জনৰ ভিতৰত এজন মুছলমান নাগৰিক হ'ব।