গোসাঁইগাঁওঃ ৰাজ্য চৰকাৰে শ্ৰীৰামপুৰ আৰু ছাগলীয়াৰ আন্তঃৰাজ্যিক তালাচী চকী তুলি দিয়াৰ পাছৰে পৰা গেট দুখনত কৰ্মৰত একাংশ লোক কৰ্মহীন হৈ পৰাত এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে। শ্ৰীৰামপুৰ আন্তঃৰাজ্যিক তালাচী চকীত বিভিন্ন কাম কৰি পৰিয়াল পোহপাল দি অহা লোক সকলে গেট দুখন পুনৰ কাৰ্যক্ষম কৰাৰ দাবীত সোমবাৰে গোসাঁইগাঁও মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

ইন্টাৰ ষ্টেট বৰ্ডাৰ গেট ৱৰ্কাছ এছ’ছিয়েশ্যনে শ্ৰীৰামপুৰ গেটত বিভিন্ন কাম কৰি জীৱিকা নিৰ্বাহ কৰা সহস্ৰাধিক লোকে চৰকাৰৰ গেট বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি সংস্থাটোৰ সভাপতি ৰঘুনাথ বসুমতাৰীয়ে চৰকাৰে জিএছটিৰ অজুহাত দেখুৱাই জিএছটিৰ অধীনত নথকা গেট সমূহ বন্ধ কৰি দিয়াৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া উদ্দেশ্য প্ৰণোদিত বুলি অভিযোগ কৰে৷ উক্ত সিদ্ধান্তৰ ফলত অসম বংগ সীমান্তৰ লক্ষাধিক ৰাইজৰ জীৱিকাৰ পথ বন্ধ হোৱাৰ বিপৰীতে অসাধু আৰু চোৰাং বেপাৰীৰ বাবে সোণালী সুযোগ পালে বুলি অভিযোগ উত্থাপন কৰে।

অৱস্থান ধৰ্মঘটত অংশ গ্ৰহণ কৰা লোক সকলে আমাৰ প্ৰতি চৰকাৰৰ দমন নীতি নচলিব, এমভিআই গেট পুনৰ চালু কৰক, শ্ৰীৰামপুৰ গেট বাহাল ৰাখক, আমাক ভাতৰ যোগান দিয়ক আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে। পাছত মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।