ডিজিটেল ডেস্কঃ শান্তিৰ নোবেল জয়ী আং চাং চ্যু কীৰ দেশ ম্যানমাৰত এতিয়া বৈছে তেজৰ নৈ৷ বৌদ্ধ ধৰ্ম প্ৰধান দেশখনৰ সেনাবাহিনীয়ে সংখ্যালঘু ৰোহিংগীয়া মুছলমানসকলৰ ওপৰত চলাইছে আমানুষিক অত্যাচাৰ৷ বিদ্ৰোহ দমনৰ নামত ৰোহিংগীয়া নিৰীহ লোকসকলৰ ওপৰত জপিয়াই পৰিছ দেশখনৰ সেনাবাহিনী৷
CLICK ► এই Blue Whale গেমনো আচলতে কি? Real নে Fake!
ম্যানমাৰৰ সেনাৰ অত্যাচাৰত অতিষ্ঠ হৈ কোনোমতে প্ৰাণটো লৈ বাংলাদেশত অনুপ্ৰৱেশ কৰিছে লাখ লাখ ৰোহিংগীয়া মুছলমানে৷ অৱশ্যে এনে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ বাংলাদেশ চৰকাৰে বিহিত ব্যৱস্থা লোৱা দেখা গৈছে৷ মানৱতাৰ খাতিৰত বাংলাদেশ চৰকাৰে ৰোহিংগীয়াসকলক সদ্যহতে আশ্ৰয় দিলেও সকলো তথ্য চালি-জাৰি চোৱা দেখা গৈছে৷ ইয়াৰ ফলত যাতে দেশখনে অতিৰিক্ত জনসংখ্যাৰ ভাৰ বহন কৰিবলগীয়া নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিছে৷
CLICK ► এই Blue Whale গেমনো আচলতে কি? Real নে Fake!
ইয়াৰ মাজতে পোহৰলৈ আহিছে যে ম্যানমাৰৰ সেনাই কেৱল ৰোহিংগীয়া মুছলমানৰ ওপৰতে অত্যাচাৰ চলোৱা নাই, তাত থকা সংখ্যালঘু হিন্দুসকলৰ ওপৰতো অত্যাচাৰ চলিছে৷ দক্ষিণ এছিয়া কেন্দ্ৰিক কেবাটাও নিউজ পৰ্টেলত প্ৰকাশিত বাতৰি মতে, মছজিদৰ লগতে মানৰ দেশত জ্বলাই দিয়া হৈছে হিন্দুসকলে নিৰ্মাণ কৰা কেবাটাও মন্দিৰ৷
CLICK ► এই Blue Whale গেমনো আচলতে কি? Real নে Fake!
ৰোহিংগীয়া মুছলমানসকলৰ লগতে সংখ্যালঘু হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ ওপৰতো সমানেই চলোৱা হৈছে অত্যাচাৰ৷ এনে অত্যাচাৰ সহিব নোৱাৰি অতি কমেও ৫০০০ হিন্দু পৰিয়ালে সতি-সন্ততিসহ বাংলাদেশত আশ্ৰয় লোৱাৰ খবৰ পোৱা গৈছে৷ সমান্তৰালভাৱে দেশখনৰ খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলৰ ওপৰতো থলুৱা ম্যানমাৰৰ লোকসকলে অত্যাচাৰ চলাবলৈ আৰম্ভ কৰিছে৷
CLICK ► এই Blue Whale গেমনো আচলতে কি? Real নে Fake!
CLICK ► এই Blue Whale গেমনো আচলতে কি? Real নে Fake!
ইফালে নিশাৰ আন্ধাৰত বাংলাদেশলৈ পলায়ন কৰিবলৈ চেষ্টা চলোৱা ৰোহিংগীয়া মুছলমানৰ লগতে হিন্দু আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰো পিছ লোৱা দেখা গৈছে ম্যানমাৰৰ সেনাই৷ সীমান্তৰে বাংলাদেশত প্ৰৱেশ কৰা অৱস্থাত ম্যানমাৰৰ সেনাই বাংলাদেশৰ ভূ-ভাগলৈ লক্ষ্য কৰি কেবা ৰাউণ্ড গুলী নিক্ষেপ কৰা বুলি বাতৰি পোৱা গৈছে৷ ম্যানমাৰৰ সেনাই অবৈধভাৱে সীমা পাৰ হৈ বাংলাদেশৰ ভূমিত প্ৰৱেশ কৰাত উদ্বিগ্ন হৈ পৰিছে বাংলাদেশ চৰকাৰ৷ ম্যানমাৰৰ সেনাৰ এনে কাৰ্যৰ পিছতে সীমান্তলৈ বাংলাদেশ সীমান্তৰক্ষী বাহিনীৰ কেবাটাও দল নতুনকৈ প্ৰেৰণ কৰিছে দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে৷