• নগাওঁ জিলা প্ৰশাসনৰ দ্বাৰা জিলাখনৰ কভিড ৰোগীৰ সমস্যা নিৰূপনৰ বাবে বিষয়াক দায়িত্ব অৰ্পণ।

 

নগাওঁঃ নগাওঁ জিলা প্ৰশাসনে জিলাখনৰ লক্ষণযুক্ত আৰু বিনা লক্ষণযুক্ত কভিড-১৯ আক্ৰান্ত ৰোগী সকলৰ স্বাস্থ্যজনিত আৰু কন্টেইনমেন্ট জ'নত থকা দৰিদ্ৰ লোকসকল, বিপদ্ৰগ্রস্ত লোকসকলৰ খাদ্য সংক্ৰান্তীয় যিকোনো সমস্যাৰ সমাধানৰ বাবে দুজন ন'ডেল বিষয়াক দায়িত্ব অৰ্পণ কৰিছে বুলি জানিব পৰা গৈছে । 

এই সিদ্ধান্ত অনুসৰি কভিড-১৯ আক্ৰান্ত ৰোগী আৰু তেওঁলোকৰ সম্পৰ্কীয় সকলে যিকোনো স্বাস্থ্যজনিত সমস্যা যেনে - ১০৮ এম্বুলেন্স সেৱা, চিকিৎসালয় সেৱা আদিৰ বাবে নীলম প্ৰসাদ বৰা, সহকাৰী কাৰ্যবাহী অভিযন্তা, জলসিঞ্চন বিভাগ নগাওঁ, মোবাইল নং- ৭০০২৫৩৩১২৯ ত যোগাযোগ কৰিব পাৰিব। আৰু কংটেইনমেণ্ট জ'নত থকা দৰিদ্ৰ লোকসকল আৰু বিপদ্ৰগ্রস্ত লোকসকলৰ খাদ্য যোগান সংক্ৰান্তীয় ব্যৱস্থাৰ বাবে ৰূপ ৰঞ্জন দাস, জ্যেষ্ঠ্য হিচাৱ পৰীক্ষক, সমবায় বিভাগ, নগাওঁ, মোবাইল নং-৭০০২৩৪৮৬৩২ ত যোগাযোগ কৰিব পাৰিব।

এইখিনি কথা নগাওঁ জিলা তথ্য আৰু জনসংযোগ বিষয়ৰ কাৰ্য্যালয়ৰ তৰফৰ পৰা জনোৱা হৈছে৷