জয়ন্ত মুদৈ, নগাঁওঃ ১৯৮৬ চনতে স্থাপিত নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰাইদঙীয়াৰ অন্তৰ্গত নসত্ৰস্থিত আইলক্ষ্মী আঞ্চলিক আত্মানন্দদেৱ উচ্চ মাধ্যমিক বিদ্যালয়খনিয়ে ইতিমধ্যে সগৌৰৱেৰে পছিশটা বছৰ গৰকিবলৈ সক্ষম হৈছে৷
সেয়ে গৌৰৱোজ্জ্বল পছিশটা বছৰ সম্পূৰ্ণ কৰা উপলক্ষে বিদ্যালয়খনিৰ ৰূপালী জয়ন্তী উৎসৱটি অহা ২৬ আৰু ২৭ এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে উদযাপনৰ দিহা কৰা হৈছে। তাক লৈ এতিয়া ব্যস্ততাৰ অন্ত নাই বিদ্যালয় পৰিচালনা সমিতিৰ লগতে শিক্ষক-কৰ্মচাৰীৰপৰা আৰম্ভ কৰি ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাৱিকা আৰু শুভাকাংক্ষী তথা স্থানীয় ৰাইজৰ মাজত৷
ইফালে, সকলোয়ে উৎসৱটি সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ নিমিত্তে দিলীপ কুমাৰ বৰাক সভাপতি, মন্টু বৰাক কাৰ্যকৰী সভাপতি আৰু কমল জ্যোতি বৰাক লৈ গঠিত উদযাপন সমিতিয়ে পূৰ্ণগতিত অব্যাহত ৰাখিছে প্ৰস্তুতিপৰ্ব৷
প্ৰকাশিত দুদিনীয়া কাৰ্যক্ৰমণিকা অনুসৰি ২৬ এপ্ৰিলৰ পুৱা ৮ বজাত পৰিৱেশ নিকাকৰণ, ৯ বজাত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ, ১০ বজাত ৰূপালী জয়ন্তী উৎসৱৰ পতাকা উত্তোলনৰ পাছতে ১১ বজাত বিদ্যালয়ৰ মূল তোৰণ উন্মোচন কৰিব বিধায়িকা আঙুৰলতা ডেকাই।
১১.৩০ বজাত উন্মোচনী সভা, ২ বজাত ন-পুৰণি ছাত্ৰ-ছাত্ৰীসকলৰ সন্মিলন, ৫.৩০ বজাত সমূহীয়া বন্তি প্ৰজ্বলন আৰু সম্বৰ্ধনা অনুষ্ঠানৰ লগতে নিশালৈ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব৷
২৭ এপ্ৰিলৰ পুৱা ৮ বজাত পৰিৱশ নিকাকৰণ, গছ পুলি ৰোপণ আৰু শ্বহীদ তৰ্পণৰ পাছতে স্থানীয় অঞ্চলৰ মাজেৰে এটি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব৷ বিয়লি ২ বজাৰপৰা অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাবে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকাই অংশগ্ৰহণ কৰিব৷ সন্ধ্যা ৭ বজাৰপৰা অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানৰদ্বাৰা ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি পেলোৱা হ’ব বুলি উদযাপন সমিতিৰ প্ৰচাৰ সম্পাদকদ্বয় ৰাতুল বৰা আৰু স্বপন জ্যোতি বৰাই জানিবলৈ দিছে৷
গতিকে উক্ত ৰূপালী জয়ন্তী উৎসৱৰ সমূহ কাৰ্যসূচীতে ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে কৰিছে উদযাপন সমিতিয়ে।