নগাঁওঃ বৰ্তমান সমগ্ৰ ৰাজ্যতে লোকসভা নিৰ্বাচনৰ গৰম বতাহ! সকলো ৰাজনৈতিক দলতে চলিছে প্ৰাৰ্থিত্বকেন্দ্ৰিক তৎপৰতা৷ দলীয় শীৰ্ষ নেতৃত্ব ব্যস্ত হৈ পৰিছে শক্তিশালী প্ৰাৰ্থী বাছনি কৰাত৷

ইয়াৰ বিপৰীতে প্ৰতিটো দলতে একোটা সমষ্টিৰ বাবে একাধিক প্ৰাৰ্থিত্বৰ দাবীদাৰে দলীয় শীৰ্ষ নেতৃত্বক বিমূঢ়ত পেলাইছে৷ ইয়াৰ মাজতে শাসকীয় বিজেপিয়ে নগাঁও লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ পেনেলত বিধায়িকা আঙুৰলতা ডেকাৰ নাম অন্তৰ্ভুক্ত কৰা বিষয়টোয়ে বৰ্তমান ৰাজনৈতিক মহলত বেচ চৰ্চা লাভ কৰিছে৷

কিয়নো ৰাজ্যৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ সংসদীয় সমষ্টি হিচাপে চিহ্নিত নগাঁও লোকসভা সমষ্টি বিগত কেইবাটাও কাৰ্যকাল বিজেপিৰ হাতত থকাৰ পাছতো সংসদীয় সমষ্টিটোত বিশেষ প্ৰভাৱ নথকা আঙুৰলতাৰ নাম প্ৰাৰ্থীৰ পেনেলত অন্তৰ্ভুক্ত কৰাটোৱে সকলোকে স্তম্ভিত কৰি তুলিছে৷

অভিনয় জগতৰপৰা হঠাতে বটদ্ৰৱাৰ বিধায়িকা হিচাপে জয়ী হোৱাৰ পাছত বিধানসভা সমষ্টিটোত বিগত সময়ছোৱাত কি উন্নয়ণ সাধন হৈছে তাক সমষ্টিবাসীয়ে ইতিমধ্যে উপলব্ধি কৰিছেই৷ বিধায়িকা হোৱাৰ পূৰ্বে সমষ্টিৰ ৰাস্তা-ঘাট আৰু চিকিৎসা ব্যৱস্থাৰ উন্নয়ণেই প্ৰধান লক্ষ্য বুলি বক্তৃতাৰ ফুলজাৰি মাৰা বিধায়িকা আঙুৰলতাই নিজৰ কাৰ্যকালৰ তিনি বছৰত ইয়াৰ বিছ শতাংশও সম্ভৱপৰ কৰি তুলিবলৈ সক্ষম নহ’ল৷

যাৰ ফলত এতিয়াও বটদ্ৰৱা সমষ্টিবাসী ৰাইজে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি অহাৰ বিপৰীতে চিকিৎসা সেৱাৰ বেলিকা হামৰাও কাঢ়িবলগীয়াত পৰে৷ অন্যতম উদাহৰণ হিচাপে ঐতিহাসিক শ্ৰীশ্ৰী বটদ্ৰৱা থানলৈ অহা-যোৱা কৰা পথৰ দুৰৱস্থাকেই আঙুলীয়াই দিব পাৰি৷

আনকি সমষ্টিটোৰ ঠায়ে ঠায়ে গ্ৰামোন্নয়ন বিভাগৰদ্বাৰা নিৰ্মাণৰ ব্যৱস্থা কৰা অধিকাংশ পথেই বৰ্তমান আধৰুৱা হৈ থকাৰ বিপৰীতে বহুকেইটা আকৌ আধাৰশিলাতে সীমাবদ্ধ থাকিল৷ 

তদুপৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে মতামত আগবঢ়াই ইতিমধ্যে বিধায়িকাগৰাকী সচেতন নাগৰিক তথা বহু দল-সংগঠনৰ ৰোষত পৰিবলগীয়া হৈছিল বিগত সময়ছোৱাত৷

কাজেই, সমষ্টিৰ উন্নয়ণত বিশেষ চকুত লগা পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম নোহোৱা এনে এগৰাকী বিধায়িকাক কি কাৰণত এটা বিশাল পৰিসৰৰ সংসদীয় সমষ্টিৰ প্ৰাৰ্থীৰ বাবে পেনেলত নাম অন্তৰ্ভুক্ত কৰিছে তাক লৈ সচেতন মহলৰ মাজত প্ৰশ্নৰ সৃষ্টি হৈছে৷