♦ যুৱমৰ্চাৰ সমূহ কৰ্মকৰ্তাৰ সহযোগত বটদ্ৰৱাত শনিবাৰে বাইক ৰেলীৰে প্ৰদৰ্শন কৰিলে ভাৰতীয় জনতা পাৰ্টীৰ শক্তি

নগাঁওঃ লোকসভা নিৰ্বাচন সমাগত। তৎপৰ হৈ পৰিছে প্ৰতিটো সমষ্টিৰ বিধায়কৰ লগতে নেতা-কৰ্মীসকল। এই ক্ষেত্ৰত পিছপৰি ৰোৱা নাই বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাও। ভিন্ন সময়ত ভিন্ন ভূমিকাত অৱতীৰ্ণ হৈ সমষ্টিবাসীৰ দৃষ্টি আকৰ্ষণ কৰি অহা আঙুৰলতাক এইবাৰ দেখা গ’ল এক অভিনৱ ৰূপত।

যুৱ শক্তিক মূল আধাৰ হিচাপে লৈ সমষ্টিটোত উলিওৱা হয় এক সুবিশাল সমদল। যত বিধায়িকা আঙুৰলতাই নিজে স্কুটি চলাই যুৱ চামকলৈ বি জে পি চৰকাৰৰ হৈ তীব্ৰ প্ৰচাৰ চলালে বটদ্ৰৱা সমষ্টিত। তাৰ উপৰিও বটদ্ৰৱাত শনিবাৰে কেইবাটাও সমবায়ত সুলভ পুষ্টি আৰু খাদ্য প্ৰাপ্তি যোজনা (অন্ন) শুভ উদ্বোধন কৰিলে আঙুৰলতাই।

পিছে কোনো বিলাসী বাহনত উঠি নহয়, দলীয় নেতা কৰ্মীৰ সৈতে প্ৰায় ৭০ কি মি পথ স্কুটি চলাই গৈ উন্নয়নমূলক কামসমূহৰ শুভাৰম্ভণি কৰি পুনৰ আঙুৰলতাই দৃষ্টি কাঢ়িলে সকলোৰে।