নগাঁওঃ প্ৰথম পৰ্যায়ত অহা ১১ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে কলিয়াবৰ লোকসভা সমষ্টিৰ এলেকাধীন বটদ্ৰৱা সমষ্টিটো নিৰ্বাচনী বতাহ গৰম হৈ পৰিছে৷ সমষ্টিটোত বিজেপি-অগপ মিত্ৰজোঁটৰ লগতে কংগ্ৰেছ দলৰ প্ৰচাৰ অভিযান সম্প্ৰতি তুংগত উঠা পৰিলক্ষিত হৈছে৷
বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তক যিকোনো প্ৰকাৰে জয়ী কৰোৱাৰ মানসেৰে কালি গুৰুজনাৰ জন্মভূমিৰ বটদ্ৰৱা থানত সেৱা লৈ প্ৰভাৱশালী মন্ত্ৰী তথা ‘নেডা’ৰ অধ্যক্ষ ড° হিমন্ত বিশ্ব শৰ্মাই জাজৰিৰ বেলতলত আয়োজিত এখন বিশাল নিৰ্বাচনী সভাত ভাগ লৈ প্ৰচাৰ অভিযান চলোৱাৰ বিপৰীতে আজি সমষ্টিটোৰ ধিং বজাৰত অনুষ্ঠিত এখন সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলোৱাৰ পিছত কাইলৈ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰব গগৈৰ হৈ প্ৰচাৰ চলাব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে৷